স্পৰ্টছ ডেস্ক,২৮ ফেব্ৰুৱাৰী:আন্তৰ্জাতিক শ্বুটিং স্পোৰ্টছ ফেডাৰেচন বিশ্বকাপত স্কীট মিশ্ৰিত দলৰ প্ৰতিযোগিতাত ভাৰতৰ শ্বুটাৰ ক্ৰমে পাৰিনাজ ধালিৱাল আৰু মৈৰাজ আহমাদ খান আৰু গণিমত চেখোন আৰু অঙ্গদ বাজৱাই ক্ৰমে সপ্তম আৰু দশম স্থান লাভ কৰে ।
পৰিনাজ আৰু মাইৰাজে একত্ৰিত প্ৰচেষ্টাৰে অৰ্হতা ৰাউণ্ডত ১৫০ ৰ ভিতৰত ১৩৭ স্ক'ৰত সমাপ্ত কৰে । ৰাছিয়াৰ দল এটা আৰু চেক গণৰাজ্যই শনিবাৰে ১৩৮ স্ক'ৰেৰে ব্ৰঞ্জ পদক লাভ কৰে । আনহাতে ভাৰতীয় গণিমত আৰু অঙ্গদ দুয়োজনে ১৩৪ ৰ শ্বুট কৰি দশম স্থানত শেষ কৰে । ৰাছিয়া দলে ফাইনেলত পোলেণ্ড দলক দুটা শাখাত ৩৫-৩১ ত পৰাজয় কৰি প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় ।