অসম

assam

ETV Bharat / sports

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ: ফাইনেলত মঞ্জু ৰাণী

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচিলে ভাৰতীয় বক্সাৰ মঞ্জু ৰাণীয়ে ৷ 18 বছৰৰ অন্তত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ: ফাইনেলত মঞ্জু ৰাণী

By

Published : Oct 12, 2019, 7:54 PM IST

স্পৰ্টছ ডেস্ক, 12 অক্টোবৰঃ ৰাছিয়াৰ উলান উদত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ বাবে সুখবৰ কঢ়িয়াই আনিবলৈ সক্ষম হয় বক্সাৰ মঞ্জু ৰাণীয়ে ৷ ফাইনেলত স্থান লাভ কৰি অভিলেখ ৰচিবলৈ সক্ষম হয় এই যুৱ খেলুৱৈগৰাকীয়ে ৷ সূদীৰ্ঘ 18 বছৰ পিচত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ অভিষেক মেচতেই ফাইনেলত স্থান লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হৈছে মঞ্জু ৰাণী ৷ 48 কিলোগ্ৰাম শাখাত থাইলেণ্ডৰ প্ৰতিদ্বন্দী চুথামাট ৰাক্সেটক (Chuthamat Raksat) ক 4-1 ব্যৱধানত পৰাস্ত কৰি এই সফলতা অৰ্জন কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷

অৱশ্যে শনিবাৰে ব্ৰঞ্জৰ পদক বুটলিয়ে থমকি ৰ’ব লগা হয় ভাৰতৰ তিনিগৰাকীকৈ প্ৰতিভাৱান বক্সাৰে ৷ ইয়াৰ ভিতৰত আছে ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমৰ লগতে অসমৰ দুই কন্যা যমুনা বড়ো আৰু লাভলিনা বৰগোঁহাই ৷

মেৰী কম, যমুনা বড়ো, লাভলিনা বৰগোঁহাই

51 কিলোগ্ৰামত তুৰ্কীৰ খেলুৱৈ বাছনাজ কাকিৰ’গ্লুৰ হাতত পৰাস্ত হৈ ব্ৰ'ঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় মেৰী কম ৷ 4-1 ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় মেৰী কম ৷ ইপিনে 54 কিলোগ্ৰাম শাখাত চাইনিছ তাইপাই খেলুৱৈৰ হাতত 5-0 ব্যৱধানত পৰাস্ত হয় যমুনা বড়ো আৰু 69 কিলোগ্ৰাম শাখাত চীনৰ য়াং লিওৰ হাতত 2-3 ব্যৱধাত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে লাভলিনা বৰগোঁহাইয়ে ৷

ABOUT THE AUTHOR

...view details