স্পৰ্টছ ডেস্ক, 18 জানুৱাৰী :2024 চনৰ পেৰিছ অলিম্পিকলৈ ভাৰতীয় মহিলা হকী দলটোৱে যোগ্যতা অৰ্জন কৰিব নে ? গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত 5-1ৰ গ’লৰ ব্যৱধানত ইটালীক পৰাস্ত কৰি ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পাচতে আজি ভাৰত-জাৰ্মানীৰ হাই ভল্টেজ মেচ অনুষ্ঠিত হ’ব ৷ আজিৰ মেচখনত জয়লাভ কৰা মানে পেৰিচত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকলৈও য্যোগতা অৰ্জন কৰিব ভাৰতে ৷ সেয়ে বৃহস্পতিবাৰে ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-জাৰ্মানী মেচখনক লৈ ইতিমধ্যে বিভিন্ন ৰণকৌশল চলাইছে ভাৰতীয় মহিলা হকী দলটোৱে ৷
ইফালে ভাৰত আৰু জাৰ্মানীৰ মাজত অনুষ্ঠিত হ'লগা ছেমি ফাইনেল খেলৰ বাবে দৰ্শকৰ ভিৰ হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ষ্টেডিয়ামৰ বাহিৰত আৰু ভিতৰলৈ অধিক কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে । ষ্টেডিয়ামৰ নিৰাপত্তাৰ বাবে ইতিমধ্যে 1500 তকৈও অধিক আৰক্ষী সাজু হৈ পৰিছে ৷ যদিহে ভাৰতে জাৰ্মানীক পৰাস্ত কৰিবলৈ সক্ষম হয়, তেন্তে অলিম্পিকৰ বাবে টিকট লাভ কৰিব, কিন্তু জাৰ্মানীক পৰাস্ত কৰাত ব্যৰ্থ হ’লে তৃতীয় আৰু চতুৰ্থ স্থানৰ মেচখন জিকিব লাগিব ৷