অসম

assam

ETV Bharat / sports

Para Asian Games 2023 : পেৰা এছিয়ান গেমছৰ চতুৰ্থ দিন; ভাৰতৰ অভিলেখ সংখ্যক ৭৩ পদক - India gold medals in para asian games 2023

পেৰা এছিয়ান গেমছ, ২০২৩-ত ভাৰতে পূৰ্বৰ পদকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন অতিক্ৰম কৰিছে । পেৰা এছিয়ান গেমছ ২০১৮-ত ভাৰতে মুঠ ৭২ টা পদক অৰ্জন কৰিছিল । কিন্তু এইবাৰ মাত্ৰ চাৰি দিনতে ৭৩ টা পদক লাভ কৰিছে ভাৰতে ।

পেৰা এছিয়ান গেমছৰ চতুৰ্থ দিন; ভাৰতৰ অভিলেখ সংখ্যক ৭৩ পদক
Para Asian Games 2023

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 4:06 PM IST

স্পৰ্টছ ডেস্ক, ২৬ অক্টোবৰ : চীনৰ হাংঝৌত অনুষ্ঠিত পেৰা এছিয়ান গেমছত ভাৰতৰ খেলুৱৈসকলে এইবাৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে । ভাৰতীয় পেৰা-এথলীটসকলে গেমছৰ এই সংস্কৰণত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি পূৰ্বৰ অভিলেখ অতিক্ৰম কৰিছে । ভাৰতে ২০১৮ পেৰা এছিয়ান গেমছত ৭২ টা পদক জয় কৰিছিল । বৃহস্পতিবাৰে ভাৰতে এই সংখ্যা অতিক্ৰম কৰিছে । বৰ্তমান ভাৰতৰ মুঠ পদকৰ সংখ্য়া ৭৩ টালৈ বৃদ্ধি পাইছে । উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত এছিয়ান গেমছতো ভাৰতে পূৰ্বৰ অভিলেখ ভংগ কৰি ১০৭ টা পদক জয় কৰি সুন্দৰ প্ৰদৰ্শন কৰিছিল ।

আনহাতে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত এক পোষ্টত ভাৰতীয় দলটোক ইয়াৰ বাবে অভিনন্দন জনাইছে । তেওঁ লিখিছে, "এছিয়ান পেৰা গেমছত এক স্মৰণীয় সাফল্য, য'ত ভাৰতে অভূতপূৰ্ব ৭৩ টা পদক জয় কৰিছে আৰু এতিয়াও শক্তিশালী স্থিতিত আছে । ভাৰতীয় খেলুৱৈসকলে জাকাৰ্টা ২০১৮ এছিয়ান পেৰা গেমছত আমাৰ পূৰ্বৰ ৭২ টা পদকৰ অভিলেখ ভংগ কৰিছে । এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো আমাৰ খেলুৱৈসকলৰ সংকল্পৰ প্ৰতীক । ইতিহাসত নাম লিপিবদ্ধ কৰা আমাৰ ব্যতিক্ৰমী পেৰা-এথলীটসকলক আন্তৰিক অভিনন্দন জনাইছোঁ, যিসকলে প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ক অপৰিসীম আনন্দেৰে ভৰাই তুলিছে । তেওঁলোকৰ প্ৰতিশ্ৰুতি, অধ্যৱসায় আৰু উৎকৃষ্ট হোৱাৰ অটল আকাংক্ষা সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক । আশাকৰোঁ এই ঐতিহাসিক সাফল্যই এক পথপ্ৰদৰ্শক হিচাপে কাম কৰিব আৰু ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব ।"

উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা নিত্য শ্ৰীয়ে মহিলাৰ একক এছএইচ৬ ইভেণ্টত সুন্দৰ প্ৰদৰ্শন কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে । যাৰ ফলত ভাৰতীয় দলটোৰ পদকৰ সংখ্যা ৭৩ টালৈ বৃদ্ধি যায় । পেৰা গেমছত ভাৰতে বিগত তিনিদিনত ৩০ টা পদক অৰ্জন কৰিছিল । যাৰ ফলত ভাৰতৰ পদকৰ সংখ্যা ৬৫ লৈ বৃদ্ধি হয় । চতুৰ্থদিনা দেশৰ খেলুৱৈসকলে তেওঁলোকৰ মুঠ ৬৫ টা পদকত আৰু আঠটা পদক যোগ কৰে ।

ইফালে শচীন খিলাৰী আৰু সিদ্ধাৰ্থ বাবুৱে এটাকৈ সোণৰ পদক অৰ্জন কৰে । আনহাতে, ভাগ্যশ্ৰী মাধৱৰাও যাদৱে মহিলাৰ শ্বট পুট-এফ৩৪ত ৭.৫৪ মিটাৰ আকৰ্ষণীয় থ্ৰ'ৰে ৰূপৰ পদক জয় কৰে । যাৰ ফলত ভাৰতৰ এই কৃতিত্ব সহজ হৈ পৰে । ইয়াৰ উপৰি নাৰায়ণ ঠাকুৰে পুৰুষৰ ১০০ মিটাৰ টি-৩৫ত ১৪.৩৭ ছেকেণ্ড সময়ৰ সৈতে ভাৰতৰ দিনটোৰ প্ৰথমটো ব্ৰঞ্জৰ পদক জয় কৰে । পেৰা গেমছত ঠাকুৰৰ এইটো দ্বিতীয় পদক । ১০০ মিটাৰ টি-৩৭ ইভেণ্টত শ্ৰেয়ানশ ত্ৰিবেদীয়ে ১২.২৪ ছেকেণ্ড সময়ৰ লৈ ব্ৰঞ্জৰ পদক জয় কৰে ।

পুৰুষৰ শ্বট পুট এফ ৪৬ত ভাৰতে স্বৰ্ণ আৰু ব্ৰঞ্জৰ পদক জয় কৰি এক দৰ্শনীয় ডাবল পোডিয়াম ফিনিছ সুৰক্ষিত কৰে ৷ আনহাতে, শচীন খিলাৰীয়ে ১৬.০৩ মিটাৰ বিশাল থ্ৰ'ৰে সোণৰ পদক জয় কৰি গেমছ ৰেকৰ্ড স্থাপন কৰে । ৰোহিত হুডাই ১৪.৫৬ মিটাৰ থ্ৰ'ৰে তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ (পিবি) পইণ্ট অৰ্জন কৰে । ইফালে পুৰুষৰ বেডমিণ্টন ছিংগলছ এছএল-৪ ইভেণ্টত সুকান্ত কদমে ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।

আৰ্চাৰী পুৰুষৰ দ্বৈত-ডব্লিউ ১ অপেন প্ৰতিযোগিতাত আদিল মহম্মদ নাজিৰ আনছাৰী আৰু নবীন দালালে ১২৫-১২০ উল্লেখযোগ্য স্ক'ৰেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে । ইফালে শ্বুটাৰ সিদ্ধাৰ্থ বাবুৱে আৰ-৬ মিক্সড ৫০ মিটাৰ ৰাইফল প্ৰোণ এছএইচ-১ত সোণৰ পদক জয় কৰিবলৈ এক অবিশ্বাস্য প্ৰদৰ্শন আগবঢ়ায় । এই কৃতিত্ব অৰ্জন কৰাৰ সময়ত তেওঁ ২৪৭.৭ উল্লেখযোগ্য স্ক'ৰৰ সৈতে এছিয়ান পেৰা গেমছৰ এক নতুন অভিলেখ গঢ়ে । সিদ্ধাৰ্থই পেৰিছ পেৰালিম্পিকৰ স্থানো সুৰক্ষিত কৰে ।

লগতে পঢ়ক :CWC 2023 : নেট ৰাণ ৰেট কি; নেট ৰাণ ৰেট কেনেদৰে গণনা কৰা হয় আৰু ইয়াৰ ফৰ্মূলা কি ?

ABOUT THE AUTHOR

...view details