অসম

assam

ETV Bharat / sports

প্ৰেছিডেন্ট কাপৰ বক্সিঙ শাখাত ভাৰতৰ 7 টা স্বৰ্ণ

23 সংখ্যক প্ৰেছিডেণ্ট কাপৰ বক্সিঙ শাখাত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ আঁজুৰি আনিলে মুঠ 7 টা কৈ সোণৰ পদক ৷

প্ৰেছিডেন্ট কাপৰ বক্সিঙ শাখাত ভাৰতৰ 7 টা স্বৰ্ণ

By

Published : Jul 29, 2019, 8:32 PM IST

স্পৰ্টছ ডেস্ক, 29 জুলাইঃ ইণ্ডোনেছিয়াত অনুষ্ঠিত হোৱা 23 সংখ্যক প্ৰেছিডেণ্ট কাপৰ বক্সিঙ শাখাত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ ভাৰতে মুঠ 9 টা পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ য’ত আছে সাতটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক ৷ ভাৰতক এই টুৰ্ণামেণ্টৰ সৰ্বশ্ৰেষ্ঠ দল হিচাপে ঘোষিত কৰা হয় ৷

প্ৰেছিডেন্ট কাপৰ বক্সিঙ শাখাত ভাৰতৰ 7 টা স্বৰ্ণ

ভাৰতৰ হৈ মেৰী কম,চিমৰণজীৎ,অংকুশ দহিয়া,নীৰজ শ্বামী,অনন্ত প্ৰহ্লাদ,যমুনা বড়ো,মনিকাই স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ ভাৰতীয় খেলুৱৈৰ এই সফলতাত ভাৰতৰ খেল মন্ত্ৰী কিৰণ ৰিজিজুৱে টুইট কৰি অভিনন্দন জ্ঞাপন কৰে খেলুৱৈসকলক ৷

উল্লেখ্য যে, দুই মাহৰ পূৰ্বে ইণ্ডিয়া অ’পেনত স্বৰ্ণ পদক লাভ কৰা ছয়বাৰৰ বিশ্বচেম্পিয়ন মেৰী কমে দেওবাৰে অষ্ট্ৰেলিয়াৰ এপ্ৰিল ফ্ৰেনক্সক পৰাস্ত কৰি স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হয় ৷ মেৰী কমে 51 কিলোগ্ৰাম শাখাত 5-0 ব্যৱধাত পৰাস্ত কৰে এপ্ৰিল ফ্ৰেনক্সক ৷ আনহাতে চিমৰণজীতে 60 কিলোগ্ৰাম শাখাত 5-0 ব্যৱধানত হছনাহ হুছবতুনক পৰাস্ত কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ ইপিনে পুৰুষ শাখাত অংকুশ দহিয়াই 64 কিলোগ্ৰাম, নীৰজ শ্বামীয়ে 49 কিলোগ্ৰাম আৰু অনন্ত প্ৰহ্লাদে 52 কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰে ৷ নীৰজ শ্বামীৰ কেৰিয়াৰৰ এইটো হৈছে প্ৰথমটো পদক ৷

ABOUT THE AUTHOR

...view details