স্পৰ্টছ ডেস্ক,৫ অক্টোবৰ :এছিয়ান গেমছত পুনৰ ভাৰতৰ সফলতা । আৰ্চাৰী ইভেণ্টত পুনৰ ভাৰতে সোণ আঁজুৰি আনিলে । বৃহস্পতিবাৰে হাংঝৌত চলি থকা এছিয়ান গেমছত ওজাছ প্ৰবীণ দেওতালে, অভিষেক বাৰ্মা আৰু প্ৰথমেশ সমাধান জাৱাকাৰৰ পুৰুষ দলটোৱে সোণৰ পদক নিশ্চিত কৰে ৷ ২৩০-২৩৫ পইণ্টৰ ব্যৱধানত কোৰিয়া গণৰাজ্যৰ জেহুন জু, জেওন য়াং আৰু জংহো কিমক পৰাস্ত কৰি ভাৰতীয় তিনিওগৰাকী খেলুৱৈয়ে স্বৰ্ণ পদক লাভ কৰে ৷
প্ৰথম ৰাউণ্ডৰ পৰাই ভাৰতে খেলখনত আধিপত্য বিস্তাৰ কৰিছিল । প্ৰথম ছেটত ভাৰতে এক সুন্দৰ প্ৰদৰ্শন কৰে আৰু উদ্বোধনী ৰাউণ্ডত ভাৰতে ৫৫-৫৮ পইণ্টত অগ্ৰগতি লাভ কৰে । কিন্তু পাছত দ্বিতীয় ৰাউণ্ডচ কোৰিয়ান দলটো খেললৈ উভতি আহে আৰু ৫৯-৫৮ ত অগ্ৰগতি লাভ কৰে ৷ তৃতীয় ৰাউণ্ডত পুনৰ ভাৰতীয় খেলুৱৈসকলে ৫৭-৫৯ পইণ্টত অগ্ৰগতি লাভ কৰে । চূড়ান্ত আৰু অন্তিম পৰ্যায়ত ভাৰতে উন্নত প্ৰদৰ্শনেৰে ১০ পইণ্ট অৰ্জন কৰে । বৃহস্পতিবাৰৰ দিনটো ভাৰতৰ বাবে বিশেষ । কিয়নো সোণৰ পদকৰ ক্ষেত্ৰত ভাৰতৰ এয়া হেট্ৰিক । পদক লাভৰ পাছতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে এক্সৰ জৰিয়তে তিনিওগৰাকী খেলুৱৈক অভিনন্দন জনায় ।