স্পৰ্টছ ডেস্ক,৫ অক্টোবৰ :এছিয়ান গেমছৰ আৰ্চাৰী ইভেণ্টত উন্নত প্ৰদৰ্শন ভাৰতৰ । বৃহস্পতিবাৰে মহিলা দলৰ দলীয় আৰ্চাৰী ইভেণ্টত চীনা টাইপেইক পৰাস্ত কৰি ভাৰতীয় আৰ্চাৰী খেলুৱৈ জ্যোতি সুৰেখা ভেন্নাম, অদিতি স্বামী আৰু পৰনীত কৌৰৰ সোণৰ পদক লাভ । ফাইনেলত চীনা টাইপেইক এক পইণ্টত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে ভাৰতীয় দলটোৱে । ইয়াৰ পূৰ্বে তিনিওগৰাকী খেলুৱৈয়ে ইণ্ডোনেছিয়াক ২৩৩-২১৯ পইণ্টত অতিক্ৰম কৰি ফাইনেলত স্থান লাভ কৰিছিল ।
জ্যোতি, অদিতি আৰু পৰনীতে একেলগে ২৩০ পইণ্ট সংগ্ৰহ কৰে আৰু তেওঁলোকৰ প্ৰতিদ্বন্দী চীনা টাইপেই ২২৯ পইণ্ট সংগ্ৰহ কৰিবলৈ সক্ষম হয় । জ্যোতি সুৰেখা ভেন্নাম, অদিতি স্বামী আৰু পৰনীত কৌৰৰ শীৰ্ষ স্থানপ্ৰাপ্ত বিশ্ব চেম্পিয়ন ত্ৰিমূৰ্তিয়ে শেষৰ তিনিডাল কাড়ত এক নিখুঁত অন্তিম প্ৰান্তত ৬০ ৰ ভিতৰত ৬০ শ্বট কৰে আৰু আৰ্চাৰী ইভেণ্টত পঞ্চম পদক নিশ্চিত কৰে ।
ইয়াৰ পূৰ্বে ফাইনেলত প্ৰৱেশ কৰিবলৈ জ্যোতি সুৰেখা ভেন্নাম, অদিতি স্বামী আৰু পৰনীত কৌৰে প্ৰথম ৰাউণ্ডত ৩০ পইণ্টৰ সৈতে এটা সুন্দৰ আৰম্ভণি কৰিছিল আনহাতে ইণ্ডোনেছিয়াৰ দলটোৱে মাত্ৰ ২৭ পইণ্টতে সন্তুষ্ট থাকিবলগীয়া হয় । ভাৰতীয় খেলুৱৈসকলে ৯ পইণ্টৰ দুৰ্দান্ত অগ্ৰগতি লাভ কৰি ৬০-৫১ পইণ্টৰ সৈতে প্ৰথম ৰাউণ্ড সামৰে ।