অসম

assam

ETV Bharat / sports

চেন্নাইত অনুষ্ঠিত হ’ব 44 তম বিশ্ব দবা অলিম্পিয়াড 2022 - ৰাছিয়া ইউক্ৰেইনৰ মাজৰ যুদ্ধ

ভাৰতে আয়োজন কৰিব ৪৪ তম বিশ্ব দবা অলিম্পিয়াড ২০২২ ৰ (India to host 44th World Chess Olympiad 2022) ৷ ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া সকলো প্ৰকাৰৰ ক্ৰীড়া প্ৰতিযোগিতাৰ পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী ফেডাৰেশ্যনে বাতিল কৰাৰ পাছতেই এই সিদ্ধান্ত লয় ভাৰতে ৷ চেন্নাইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ (Chess Olympiad in Chennai) ৷

India to host 44th World Chess Olympiad 2022 in Chennai
চেন্নাইত অনুষ্ঠিত হ’ব 44তম বিশ্ব দবা অলিম্পিয়াড 2022

By

Published : Mar 16, 2022, 12:02 PM IST

স্প’ৰ্টছ ডেস্ক, 16 মাৰ্চ :অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনে (All India Chess Federation) ঘোষণা কৰিছে যে, ভাৰতে চেন্নাইত ৪৪ তম বিশ্ব দবা অলিম্পিয়াড ২০২২ ৰ আয়োজন কৰিব ৷ FAIC ৰ কাৰ্যালয়ৰ টুইটাৰযোগে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে এই কথা ৷ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই অব্যাহত ৰখা যুদ্ধৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ফেডাৰেশ্যনে ৷ অৰ্থাৎ দেশৰ ক্ৰীড়াজগততো পৰিছে ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ প্ৰভাৱ ৷

উল্লেখ্য যে, এই বছৰত ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া সকলো প্ৰকাৰৰ ক্ৰীড়া প্ৰতিযোগিতাৰ পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিছে ফেডাৰেশ্যনে ৷ ফেডাৰেশ্যনৰ এনে কঠোৰ সিদ্ধান্তৰ পিছতে ভাৰতে এই মেগা ইভেণ্টটো নিজৰ দেশত অনুষ্ঠিত কৰাত আগ্ৰহ প্ৰকাশ কৰে(Chess Olympiad moves from Russia to Chennai) ৷ এই বছৰৰ বিশ্ব দবা অলিম্পিয়াডৰ খেলসমূহ ২৬ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ ইয়াৰ লগতে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে প্ৰথম দবা অলিম্পিয়াড আৰু ৯৩ তম FIDE Congress শীৰ্ষক ইভেণ্টো প্ৰথমে ৰাছিয়াত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত সেয়া প্ৰত্যাহাৰ কৰা হৈছে ৷

ইফালে, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে এই খবৰ লাভ কৰি আনন্দিত হৈ ইয়াক গৌৰৱৰ মূহুৰ্ত বুলি অভিহিত কৰে ৷ "এয়া সুখৰ বিষয় যে, দেশৰ দবা খেলৰ ৰাজধানী হিচাপে পৰিচিত চেন্নাইয়ে এইবেলি ৪৪ তম বিশ্ব দবা অলিম্পিয়াডৰ দৰে প্ৰতিযোগিতা আয়োজন কৰিবলৈ সাজু হৈছে ৷ তামিলনাডুৰ বাবে এয়া গৌৰৱৰ মূহুৰ্ত ! চেন্নাইয়ে সমগ্ৰ বিশ্ব দবাৰ সকলো ৰজা-ৰাণীক উষ্ম আদৰণি জনাইছে" বুলি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে টুইট কৰিছে ৷

২০১৩ চনত চেন্নাইত বিশ্বনাথন আনন্দ আৰু মেগনাস কাৰ্লচেনৰ মাজত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপৰ খেলৰ পিছত ৪৪ তম দবা অলিম্পিয়াড ২০২২ হ'ব দেশত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন মুখ্য আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা ৷

লগতে পঢ়ক :8 টাকৈ সমবায় বেংকক ৰিজাৰ্ভ বেংকে বিহিলে 12.75 লাখৰ জৰিমনা

ABOUT THE AUTHOR

...view details