স্পৰ্টছ ডেস্ক,১৭ ছেপ্টেম্বৰ :দক্ষিণ এছিয়া ফুটবল ফেডাৰেশ্যন মহিলা কাপত (SAAF Women Championship 2022) ভাৰতৰ আশানুৰূপ প্ৰদৰ্শন । শুকুৰবাৰে মহিলা দলটোৱে ছেমিফাইনেলত নেপালৰ হাতত পৰাস্ত হয় (India lose SAFF Womens Championship semifinal)। লগে লগে এছএএফএফ মহিলা চেম্পিয়নশ্বিপ ২০২২ ৰ পৰা বাহিৰ হয় ভাৰতীয় দলটো । কাঠমাণ্ডুৰ দশৰথ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত নেপালৰ হৈ একমাত্ৰ গ'লটো দিয়ে ৰশ্মি কুমাৰী ঘিছিয়ে (India vs Nepal SAFF Womens Championship semifinal)।
খেলৰ আৰম্ভণিৰ পৰাই নেপালৰ মহিলা ফুটবল দলটোৱে ভাৰতৰ ওপৰত চাপ দিয়া দেখা গৈছিল । বহুবাৰ গ'ল কৰিবলৈ নেপালৰ খেলুৱৈসকল আগবাঢ়ি আহিছিল যদিও ভাৰতীয় ডিফেণ্ডাৰ চুইটি দেৱী আৰু মণিষা পান্নাই বিপদৰ প্ৰতি সতৰ্ক হৈ আছিল আৰু নেপালৰ আক্ৰমণবোৰ বিফল কৰিছিল । ১২ মিনিটত ভাৰতীয় খেলুৱৈ ৰেণুৱে গ'ল কৰাৰ এক সুযোগ পাইছিল কিন্তু বিপক্ষৰ অধিনায়ক আৰু গ'ল ৰক্ষক অঞ্জিলা চুব্বাৰ উন্নত প্ৰদৰ্শনে ৰেণুক বাধা দিছিল ।