অসম

assam

ETV Bharat / sports

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপঃ পদকবিহীন, 58 সংখ্যক স্থানত ভাৰত

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত পদক বিহীনভাৱে 58 সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰতে ৷ শীৰ্ষ স্থান দখল কৰে আমেৰিকাই ৷

India finish 58th rank in Iaaf world athletics championships held in doha

By

Published : Oct 7, 2019, 4:48 PM IST

স্পৰ্টছ ডেস্ক, 7 অক্টোবৰঃ ড’হাত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত 58 সংখ্যক স্থান দখল ভাৰতৰ ৷ পদকবিহীন বাবে 58 সংখ্যক স্থান দখল ভাৰতীয় দলটোৰ ৷ বৰ্তমানলৈকে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ইতিহাসত মাত্ৰ এটা পদক লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে ৷ উল্লেখ্য যে, ভাৰতৰ হৈ অভিনাশ চাব্লেয়ে 3000 মিটাৰ স্টিপলচেজ আৰু চাৰিশ মিটাৰ মিশ্ৰিত দৌৰত ফাইনেলত স্থান লাভ কৰাৰ লগতে অলিম্পিকৰ কোটাটো প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷

400 মিটাৰ মিশ্ৰিত দৌৰ প্ৰতিযোগী

এই প্ৰতিযোগিতাত মুঠ 29 টা পদকেৰে শীৰ্ষ স্থান দখল কৰে আমেৰিকাই ৷ য’ত থাকে 14 টা স্বৰ্ণ, 11 ৰূপ আৰু 4 টা ব্ৰঞ্জৰ পদক ৷ এইবাৰ এই চেম্পিয়নশ্বিপত মুঠ 43 খন দেশে পদক জয় লাভ কৰাৰ বিপৰীতে মুঠ 86 টা অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷

ABOUT THE AUTHOR

...view details