স্পৰ্টছ ডেস্ক, 28 জুলাই:ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত সহজ বিজয় সাব্যস্ত কৰিছে ভাৰতীয় ক্ৰিকেট দলে ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন মেচত 5 উইকেটত বিজয় সাব্যস্ত কৰে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৷
স্পীনাৰ ৰবীন্দ্ৰ জাডেজা আৰু কুলদীপ যাদৱৰ বলিং ধুমুহাত দিশহাৰা হৈ পৰা ৱেষ্ট ইণ্ডিজক ভাৰতে ৫ উইকেটত পৰাস্ত কৰাৰ লগে লগে, মিডল অৰ্ডাৰৰ বেটছমেনক খেলৰ সময় দিয়াৰ সিদ্ধান্ত লয় অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ৷ স্পীনাৰ ৰবীন্দ্ৰ জাডেজা আৰু কুলদীপ যাদৱৰ বলিং আক্ৰমণত অসহায় হৈ পৰা ৱেষ্ট ইণ্ডিজে 23 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 114 ৰাণতে ইনিংছ সামৰিবলৈ বাধ্য হয় ৷
খেলখনত ভাৰতৰ জয়ত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা কুলদীপ যাদৱে 3 অভাৰত 2দুটাকৈ মেডেইন অভাৰসহ 6 ৰাণ খৰছ কৰি দখল কৰে 4 টাকৈ উইকেট ৷ আনহাতে ৰবীন্দ্ৰ জাডেজাই 6 অভাৰত 37 ৰাণ খৰছ কৰি দখল কৰে 3 টাকৈ উইকেট ৷ ভাৰতে নিজৰ ইনিংছ আৰম্ভ কৰি ইষাণ কিষণৰ অৰ্ধশতকৰ সহায়ত 5টা উইকেট হেৰুৱাই 22.5 অভাৰতে বিজয় লক্ষ্যত উপনীত হয় ৷
ইষাণ কিষণে 46টা বলত সংগ্ৰহ কৰে 52 ৰাণ ৷ সূৰ্যকুমাৰ যাদৱে 25 টা বলত সংগ্ৰহ কৰে 19 ৰাণ ৷ ৰবীন্দ্ৰ জাডেজাই 21টা বলত 16 ৰাণ আৰু অধিনায়ক ৰোহিত শৰ্মাই 19 টা বলত 12 ৰাণ কৰি আউট নোহোৱাকৈ থাকে ৷ আনহাতে শুভমন গীল, হাৰ্ডিক পাণ্ডিয়া আৰু ছাৰ্দুল ঠাকুৰে দহকৰ ঘৰো স্পৰ্শ কৰিবলৈ সক্ষম নহ’ল ৷
নিখুঁত সংমিশ্ৰণ বিচাৰিবলৈ হাতত 12 খন এদিনীয়া মেচ আৰু বিশ্বকাপৰ পূৰ্বে এতিয়াও কিছু অংশ ঠিক কৰিবলগীয়া থকাৰ সময়তে ৰাহুল দ্ৰাবিড় আৰু ৰোহিতে মিডল অৰ্ডাৰ বেটছমেনক খেলৰ সময় দিয়াৰ সিদ্ধান্তটো আছিল আদৰণীয় পদক্ষেপ ৷
ৱেষ্ট ইণ্ডিজৰ বাওঁহতীয়া স্পীনাৰ গুদাকেশ মটিয়ে 6.5 অভাৰত 26 ৰাণ খৰছ কৰি 2টাকৈ উইকেট দখল কৰিছিল কৰিছিল যদিও ভাৰতীয় দলটোক প্ৰত্যাহ্বান জনাব পৰা নাছিল ৷ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই 7 নম্বৰত বেটিং কৰিবলৈ অহাৰ বিপৰীতে জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলীয়ে বেটিং কৰিবলৈ অহাৰ পূৰ্বেই জয়লাভ কৰিবলৈ সক্ষম হয় ভাৰতে ৷ মেচখনত 3 অভাৰত 2দুটাকৈ মেডেইন অভাৰসহ 6 ৰাণ খৰছ কৰি 4টা উইকেট দখল কৰা কুলদীপ যাদৱ বিবেচিত হয় মেন অব দ্য মেচ হিচাবে ৷
লগতে পঢ়ক :All Assam Sports Shooting Championship: সদৌ অসম স্পৰ্টচ শ্বুটিং চেম্পিয়নশ্বিপত ৰূপৰ পদক আজুৰিলে সামৰিণ হুছেইনে