স্পৰ্টছ ডেস্ক, 26 এপ্ৰিলঃ অন্ত পৰিল ডোহাৰ কাটাৰত অনুষ্ঠিত হোৱা 23 সংখ্যক এছিয়ান এথলেটিক চেম্পিয়নশ্বিপৰ । সৰ্বমুঠ ১৭ টা পদকেৰে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰতে । বিশ্বৰ মুঠ ৬৩ খন দেশ অংশ গ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত । ১১ টা স্বৰ্ণ, ৭ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদকেৰে শীৰ্ষ স্থানত থাকে বাহৰেইন ।
এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ : ১৭ টা পদক অৰ্জন ভাৰতৰ
ডোহাত অনুষ্ঠিত হোৱা 23 সংখ্যক এছিয়ান এথলেটিক চেম্পিয়নশ্বিপত 3 টা সোণ, 7 টা ৰূপ আৰু 7 টা ব্ৰঞ্জৰ পদকেৰে মুঠ 17 টা পদকেৰে অভিযান সামৰে ভাৰতে ৷
এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ : ১৭ টা পদক অৰ্জন ভাৰতৰ
আৰু পঢ়ক ; হেম্পছায়াৰত যোগদান আজিংকা ৰাহানেৰ
আনহাতে ১০ টা স্বৰ্ণ, ১৩ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰে দ্বিতীয় স্থানত আছে চীন । ৫ টা সোণ, ৪ টা ৰূপ, ৯ টা ব্ৰঞ্জেৰে তৃতীয় স্থানত থাকে জাপান । ভাৰতৰ হৈ পিইউ চিত্ৰা, তেজিন্দৰ পাল সিং, গোমাথি মাৰিমুথোৱে সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয় ।