স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট :2036 আৰু তাৰ পৰৱৰ্তী বছৰসমূহত অলিম্পিক অনুষ্ঠিত কৰিব বুলি অশাবাদী ভাৰত ৷ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সভাপতি থমাচ বাকে জনাইছে এই কথা ৷ 2032 ৰ গ্ৰীষ্মকালীন অলিম্পিক আয়োজনৰ বাবে যোৱা মাহত বাছনি কৰা হৈছে ব্ৰিছবেনক (অষ্ট্ৰেলিয়াক) ৷ ইয়াৰ পিছতে কেইবাখনো দেশে 2036, 2040 বা তাৰ পিছত অলিম্পিক অনুষ্ঠিত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ৷
এই তালিকাত ভাৰত, ইণ্ডোনেছিয়া, জাৰ্মানী, কাটাৰ আছে বুলি এখন শীৰ্ষৰ সংবাদ পত্ৰক জানিবলৈ দিছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ সভাপতি থমাচ বাকে ৷ আন যিসকলে ৰাজহুৱাভাৱে এই খেল আয়োজনত আগ্ৰহ প্ৰকাশ কৰিছে তেওঁলোকৰ ভিতৰত আছে ৰাছিয়া ৷ ইতিমধ্যে ৰাছিয়াৰ খেলুৱৈসকলে যোৱা তিনিটা অলিম্পিকত ড'পিঙৰ বিতৰ্কৰ বাবে দেশখনৰ সৈতে অংশগ্ৰহণ কৰিব পৰা নাই ৷