স্পৰ্টছ ডেস্ক, 18 ছেপ্টেম্বৰ :এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩ খন এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ’ব ৷ এই শৃংখলাৰ বাবে সোমবাৰে ঘোষণা কৰা হ'ল টিম ইণ্ডিয়া ৷ বিশ্বকাপৰ পূৰ্বে এই শৃংখলা ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব ৷ ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এই এদিনীয়া শৃংখলা ৷
ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰে সংবাদমেলযোগে দলটো ঘোষণা কৰে ৷ আই চি চি এদিনীয়া বিশ্বকাপ ২০২৩ৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া এই শৃংখলা ভাৰতৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷ ভাৰতীয় দলটোৱে এই শৃংখলাত এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতিৰ চূড়ান্ত স্পৰ্শ দিব বিচাৰিছে ৷
বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাত নিজৰ সম্পূৰ্ণ শক্তিৰে প্ৰৱেশ কৰিব বিচাৰিছে টিম ইণ্ডিয়াই ৷ শৃংখলাৰ প্ৰথম দুখন খেলৰ বাবে জিৰণি দিয়া হৈছে অধিনায়ক ৰোহিত শৰ্মা আৰু জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলীক ৷ লগতে প্ৰথম দুখন খেলত জিৰণি দিয়া হৈছে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক ৷
শৃংখলাৰ প্ৰথম দুখন খেলৰ বাবে ভাৰতীয় দলটো হ’ল- কে এল ৰাহুল (অধিনায়ক আৰু উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা (সহ-অধিনায়ক), ৰিতুৰাজ গায়কোৱাড, শুভমন গিল, শ্ৰেয়স আয়াৰ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, ঈশান কিষণ (উইকেটকীপাৰ), শাৰ্দুল ঠাকুৰ, ৱাশ্বিংটন সুন্দৰ, আৰ অশ্বিন, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ ৷
আনহাতে শৃংখলাৰ তৃতীয় অৰ্থাৎ ফাইনেল খেলখনৰ বাবে ভাৰতীয় দলটো হ’ল- ৰোহিত শৰ্মা (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া (সহ-অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, সূৰ্য্যকুমাৰ যাদৱ, কে এল ৰাহুল (উইকেটকীপাৰ), ঈশান কিষণ (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা, শাৰ্দুল ঠাকুৰ, অক্ষৰ পেটেল*, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, আৰ অশ্বিন, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ ছিৰাজ ৷
ভাৰত বনাম অষ্ট্ৰেলিয়া শৃংখলাৰ সূচী :
২২ ছেপ্টেম্বৰ - প্ৰথমখন এদিনীয়া খেল
স্থান – আই এছ বিন্দ্ৰা ষ্টেডিয়াম, মোহালী