অসম

assam

ETV Bharat / sports

পেৰিছ অলিম্পিকত পদক জিনিবলৈ বদ্ধপৰিকৰ নীৰজ চোপ্ৰা - পদক জয় কৰিবলৈ বদ্ধপৰিকৰ নীৰজ চোপ্ৰা

ইতিমধ্যে পেৰিছত অনুষ্ঠিত হ'বলগীয়া ২০২৪ চনৰ অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই । তেওঁ পুনৰবাৰ এই ধাৰা অব্যাহত ৰাখিব পাৰিবনে নাই তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ । হাৰিয়ানাৰ বাসিন্দা নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰ'ত ২০২০ চনৰ টকিঅ' অলিম্পিকত স্বৰ্ণ জয় কৰিছিল ।

Neeraj Chopra qualified for 2024 Olympic
পেৰিছ অলিম্পিকত পদক জয় কৰিবলৈ বদ্ধপৰিকৰ নীৰজ চোপ্ৰা

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 5:50 PM IST

স্পৰ্টছ ডেস্ক, ২৬ নৱেম্বৰ :অলিম্পিক চেম্পিয়ন থা তাৰকা জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই দেওবাৰে কয় যে তেওঁ পুনৰ অলিম্পিক পদক জয় কৰাৰ বাবে প্ৰস্তুতি ভালদৰে চলাই আছে । উল্লেখ্য যে অহা বছৰ পেৰিছত অনুষ্ঠিত হ'বলগা অলিম্পিকৰ বাবে প্ৰস্তুতি সন্দৰ্ভত সোধাত তেওঁ কয় যে তেওঁ পুনৰবাৰ পদক জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে ।

আনহাতে, ২০১৮ আৰু ২০২৩ চনৰ এছিয়ান গেমছৰ চেম্পিয়ন নীৰজে কয় যে তেওঁ কেতিয়াও ফলাফলক লৈ চিন্তিত হোৱা নাই আৰু তেওঁৰ একমাত্ৰ উদ্দেশ্য হৈছে দেশক গৌৰৱান্বিত কৰা ।

পদ্মশ্ৰী আৰু মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটাৰে সন্মানিত ২৫ বছৰীয়া নীৰজে এক অনুষ্ঠানত ভাষণ প্ৰদানৰ সময়ত এই কথা প্ৰকাশ কৰে । ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে তেওঁৰ প্ৰস্তুতিৰ বিষয়ে সোধাত নীৰজ চোপ্ৰাই কয়, "মই ইয়াৰ বাবে ভালদৰে অনুশীলন কৰি আছোঁ । মই এটা পদক জিকিবলৈ যথাসাধ্য চেষ্টা কৰিম । মই অলিম্পিকত মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিম । কিয়নো মই জানো যে এই সুযোগ ৪ বছৰত এবাৰহে আহে ।"

উল্লেখ্য যে হাৰিয়ানাৰ নীৰজ জুনিয়ৰ বিশ্ব চেম্পিয়ন হোৱাৰ পিছত প্ৰথম চৰ্চালৈ আহে আৰু তেতিয়াৰে পৰা তেওঁ পিছলৈ ঘূৰি চাবলগা হোৱা নাই । তেওঁ হৈছে এগৰাকী সফল ভাৰতীয় ক্ৰীড়াবিদ আৰু এথলেটিকছত অলিম্পিকত ব্যক্তিগত সোণৰ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় । তেওঁ হৈছে শ্বুটাৰ অভিনৱ বিন্দ্ৰাৰ পিছত একমাত্ৰ দ্বিতীয় ভাৰতীয়, যিয়ে ব্যক্তিগত সোণৰ পদক অৰ্জন কৰিছে । তেওঁ লগতে কয়, "মই ফলাফলক লৈ চিন্তিত নহয়, কেৱল ভালদৰে প্ৰস্তুতি কৰিব বিচাৰোঁ আৰু দেশক গৌৰৱান্বিত কৰিব বিচাৰোঁ ।"

নীৰজে পুৰুষৰ জেভেলিন থ্ৰ'ত ২০২০ টকিঅ' অলিম্পিকত অভিলেখ ৰচি আকাংক্ষিত সোণৰ পদক জয় কৰিছিল । ২০২৪ চনৰ পেৰিছ অলিম্পিক ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ যাব নেকি হাৰ্দিক পাণ্ডিয়া

ABOUT THE AUTHOR

...view details