স্পৰ্টছ ডেস্ক, 3 এপ্ৰিল : ভাৰতীয় স্প্ৰীন্টাৰ হিমা দাস আৰু ভাৰাত্তোলক মিৰাবাই চানুয়ে শুকুৰবাৰে কৰ'ণা ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত দেশবাসীক নিজ গৃহৰ ভিতৰতে থাকিবলৈ কোৱাৰ লগতে লকডাউন মানি চলিবলৈ অনুৰোধ জনাইছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কোভিড-19 আৰু লকডাউন সম্পৰ্কত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এক বৈঠকত অংশগ্ৰহণ কৰাৰ পাচতে এনেদৰে মন্তব্য কৰে ক্ৰীড়াবিদ দুগৰাকীয়ে ৷
বৈঠক সম্পৰ্কত হিমা দাসে কয়, "প্ৰথমতে, আমি সকলো খেলুৱৈয়ে প্ৰধানমন্ত্ৰী মোডীয়ে বৰ্তমানৰ পৰিস্থিতিক যিদৰে চম্ভালিছে আৰু আমাৰ সৈতে মত বিনিময় কৰিছে তাৰ বাবে ধন্যবাদ আগবঢ়াইছো ৷ কোভিড-19 ৰ বিৰুদ্ধে গ্ৰহণ কৰিবলগা ব্যৱস্থা সম্পৰ্কত প্ৰধানমন্ত্ৰী মোডীয়ে আলোচনা কৰে ৷ লকডাউনৰ সময়ছোৱাত আমাৰ দৈনিক কাৰ্যসূচী সম্পৰ্কতো তেওঁৰ সৈতে কথা পাতিলো ৷"
হিমা দাসে লগতে কয়, "লকডাউন অমান্য কৰিলে আৰু চিকিৎসক-আৰক্ষীৰ ওপৰত শিল দলিয়ালে মই দুখ পাওঁ ৷ সেয়েহে ঘৰত থাকক আৰু সামাজিক দূৰত্ব মানি চলক ৷"