স্পৰ্টছ ডেস্ক,৩০ নৱেম্বৰ :এফ আই এইচ হকী মহিলা জুনিয়ৰ বিশ্বকাপ ২০২৩ত ভাৰতৰ সুন্দৰ আৰম্ভণি । প্ৰতিযোগিতাৰ উদ্বোধনী খেলতে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলে বিজয় সাব্যস্ত কৰে । কানাডাৰ বিৰুদ্ধে খেলখনত ভাৰতে ১২-০ গ'লত জয়ী হয় । ভাৰতৰ হৈ অন্নুৱে ক্ৰমে ৪ মিনিট, ৬ মিনিট আৰু ৩৯ মিনিটত ৩ টা গ'ল কৰে । একেদৰে মুমতাজ খানে ৪ টা গ'ল, দিপী মনিকাই এটা, দীপিকাই ৩ টা গ'ল আৰু নীলমে এটা গ'ল কৰে । ভাৰতে বিশ্বকাপৰ খেলখন আক্ৰমণাত্মকভাৱে আৰম্ভ কৰে আৰু কানাডাৰ ওপৰত নিৰন্তৰ চাপ সৃষ্টি কৰে ।
খেলখনত প্ৰথমে দুটা গ'লৰ অগ্ৰগতি লাভ কৰাৰ পাছতো ভাৰতে আক্ৰমণাত্মক চৰিত্ৰ এৰি নিদিলে । যাৰ বাবে কানাডাৰ দলটো নিৰন্তৰ চাপত থাকে । খেলৰ প্ৰথম ১৫ মিনিটত ভাৰতে দুটা গ'ল কৰে । পাছৰ ১৫ মিনিটতো ভাৰতে দুটা গ'ল কৰে ।