অসম

assam

ETV Bharat / sports

India Wins Thomas Cup: থমাছ কাপৰ ফাইনেলত ইতিহাস ৰচিলে ভাৰতে - ভাৰতীয় পুৰুষৰ বেডমিণ্টন দল

ভাৰতীয় বেডমিণ্টনৰ ইতিহাসত নতুন অভিলেখ(Indian men's badminton team create history) ৷ প্ৰথমবাৰলৈ ভাৰতে জয় কৰিলে থমাছ কাপ ৷ ১৯৭৯ চনৰ পাছত ছেমিফাইনেল অতিক্ৰম কৰিব পৰা নাছিল ভাৰতীয় বেডমিণ্টন দলে । ভাৰতীয় দলৰ এই বিজয়ত উৎফুল্লিত দেশবাসী । প্ৰধানমন্ত্ৰীয়ে ফোনযোগে শুভেচ্ছা জনায় ভাৰতীয় দলক ৷

India Wins Thomas Cup
থমাছ কাপৰ ফাইনেলত ইতিহাস ৰচিলে ভাৰতে

By

Published : May 16, 2022, 9:16 AM IST

স্পৰ্টছ ডেস্ক, ১৬ মে' : ভাৰতীয় পুৰুষৰ বেডমিণ্টন দলে দেওবাৰে ইতিহাস ৰচনা কৰি থমাছ কাপ(Thomas Cup 2022) দখল কৰে । ইণ্ডোনেছিয়াক ফাইনেলত 3-0 পইন্টত পৰাস্ত কৰি ভাৰতীয় বেডমিণ্টন দলে প্ৰথমবাৰলৈ প্ৰতিযোগিতাখনৰ খিতাপ অৰ্জন(India Beat Indonesia in Thomas Cup) কৰে ৷

থমাছ কাপৰ ফাইনেলত ইতিহাস ৰচিলে ভাৰতে

ভাৰতৰ হৈ লক্ষ্য সেনে ইণ্ডোনেছিয়াৰ এন্থনী গিণ্টিংক ২১-৮ ১৭-২১ ১৬-২১ ত পৰাস্ত কৰি দলটোক ১-০ ৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰদান কৰে । ইয়াৰ পিছত, ডাবলছত সাত্বিক সৈৰাজ ৰংকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটিয়ে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই 18-21, 23-21, 21-19 ত জয়লাভ কৰি দলটোক 2-0 ৰ অগ্ৰগতি প্ৰদান কৰে ।

তৃতীয়খন খেলত কিদাম্বী শ্ৰীকান্তে জনাথনক ২১-১৫, ২৩-২১ ত পৰাস্ত কৰি দলটোক ৩-০ ৰ অগ্ৰগতি প্ৰদান কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰে । উল্লেখ্য যে, ভাৰতীয় পুৰুষ দলে প্ৰতিযোগিতাখনত মালয়েছিয়া আৰু ডেনমাৰ্কৰ দৰে দলক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰে(India in Thomas Cup final for the first time) ৷

১৯৫২, ১৯৫৫ আৰু ১৯৭৯ চনত ভাৰতে থমাছ কাপৰ ছেমিত স্থান নিশ্চিত কৰিছিল যদিও ১৯৭৯ চনৰ পাছৰে পৰা ভাৰতে ছেমিফাইনেল অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাছিল ৷ কিন্তু এইবাৰ ভাৰতীয় দলটোৱে যুঁজাৰু মনোভাৱেৰে দুৰ্দান্ত প্ৰদৰ্শন কৰি আহিছিল আৰু ফাইনেল বিশ্বৰ অতি শক্তিশালী দল তথা ১৪বাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হয় ।

ছেমি ফাইনেলটো ভাৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় যদিও অৱশেত ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে আৰু বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । ভাৰতৰ বাবে ই আছিল এক ঐতিহাসিক মূহুৰ্ত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ভাৰতীয় দলৰ এই সাফল্যত শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে পঢ়ক :Thomas cup 2022 : থমাছ কাপৰ ফাইনেলত প্ৰথমবাৰৰ বাবে ভাৰত

ABOUT THE AUTHOR

...view details