স্পৰ্টছ ডেস্ক, 9 জুলাই : ভাৰতীয় তাৰকা স্প্ৰীন্টাৰ হিমা দাসে পোলেণ্ডত অনুষ্ঠিত হোৱা 'কুটনো এথলেটিকছ মীট' ত 200 মিটাৰত স্বৰ্ণ পদক দখল কৰিছে ৷ 23.97 ছেকেণ্ডেৰে হিমাই শীৰ্ষ স্থান দখল কৰাৰ পৰিৱৰ্তে ভি. কে. ভিছমায়াই 24.06 ছেকেণ্ডেৰে ৰূপৰ পদক অৰ্জন কৰে ৷
ইয়াৰোপৰি, ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী মহম্মদ আনছে পুৰুষৰ 200 মিটাৰ শাখাত 21.18 ছেকেণ্ডেৰে স্বৰ্ণ জয় কৰে ৷