অসম

assam

ETV Bharat / sports

‘কৌন বনেগা কৰৌৰপতি’ত লাভ কৰা সমস্ত ধন দান দিলে হিমাই - মহানুভৱতাৰ বাবে জয়গান হিমাৰ

পদক লাভৰ বাবে নহয় এইবাৰ মহানুভৱতাৰ বাবে জয়গান হিমাৰ । কৌন বনেগা কৰৌৰপতি অনুষ্ঠানত লাভ কৰা সমস্ত ধন দান দিলে হিমাই ৷

‘কৌন বনেগা কৰৌৰপতি’ত লাভ কৰা সমস্ত ধন দান দিলে হিমাই
‘কৌন বনেগা কৰৌৰপতি’ত লাভ কৰা সমস্ত ধন দান দিলে হিমাই

By

Published : Jan 21, 2020, 6:45 PM IST

নগাঁও, 21 জানুৱাৰীঃপুনৰ অসমবাসীৰ মন জিনিলে ধিং এক্সপ্ৰেছ হিমা দাসে ৷ পদক লাভৰে নহয় এই মহানুভৱতাৰ পৰিচয় দাঙি ধৰি অসমবাসীৰ মন জিনিলে হিমাই ৷ শেহতীয়াকৈ চনী টিভিৰ জনপ্ৰিয় অনুষ্ঠান‘‘কৌন বনেগা কৰৰপতিত’’অংশগ্ৰহণ কৰিছিল খেলুৱৈগৰাকীয়ে ৷ সেই অনুষ্ঠানতেই অমিতাভ বচ্চনৰ হাতৰ পৰা 12 লাখ 50 হাজাৰ টকাৰ চেক যুটীয়াভাৱে লাভ কৰিছিল দুতি চান্দআৰুহিমা দাসে। হিমা, দুতিৰ লগতে এই অনুষ্ঠানটোত উপস্থিত আছিল প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ ।

বিদ্যুৎ হাজৰিকাৰ প্ৰতিক্ৰিয়া

এতিয়া সেই অনুষ্ঠানতে লাভ কৰা নিজৰ 6 লাখ 25 হাজাৰ টকাৰ চেক ফেন ক্লাৱৰ সমূহ সদস্যক অৰ্পণ কৰে হিমাই ৷ শনিবাৰে এই বৃহৎ পৰিমাণৰ চেকখন ডাকযোগে হিমা দাস ফেন ক্লাৱৰ হাতত পৰাত উৎফুল্লিত হৈ পৰে ফেন ক্লাৱৰ সদস্যসকল ।

পিতৃৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, নতুন প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰৰ লগতে সামাজিক কৰ্মত আগুৱাই নিবলৈ এই ধনৰাশি ব্যয় কৰিবলৈ হিমা দাস ফেন ক্লাৱক ফোনযোগে অনুৰোধ জনায় হিমাই ৷

কৌন বনেগা কৰৌৰপতিৰ সমস্ত ধন দান হিমাৰ

হিমাৰ এনে মহানুভৱতাৰ বিষয়ে এতিয়া ৰাজ্যবাসীয়ে শলাগ লৈছে । আনহাতে, হিমাৰ যি আশা তাক পূৰ্ণাংগ ৰূপ দিয়াৰ চেষ্টা চলাই যাব বুলি কয় হিমা ফেন ক্লাৱৰ সভাপতি বিদ্যুৎ হাজৰিকাই ।

ABOUT THE AUTHOR

...view details