অসম

assam

ETV Bharat / sports

আন এক স্বৰ্ণ পদকেৰে উজলিল স্বৰ্ণকন্যা হীমা - এথলেটিকী মিটিংক ৰেইটাৰ, 2019 ত স্বৰ্ণ

পুনৰ স্বৰ্ণ দখল কৰিছে ধিং এক্সপ্ৰেছ হিমা দাসে ৷ চেক গণৰাজ্যত অনুষ্ঠিত এথলেটিকী মিটিংক ৰেইটাৰ, 2019 ত 300 মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰে হিমাই ৷

হিমাৰ দখলত আন এক স্বৰ্ণ

By

Published : Aug 18, 2019, 7:17 PM IST

Updated : Aug 18, 2019, 7:42 PM IST

স্পৰ্টছ ডেস্ক, 18 আগষ্ট : অব্যাহত আছে ধিং এক্সপ্ৰেছ হিমা দাসৰ স্বৰ্ণ জয়ৰ দৌৰ ৷ শনিবাৰে চেক গণৰাজ্যত অনুষ্ঠিত হোৱা এথলেটিকী মিটিংক ৰেইটাৰ -2019 ৰ 300 মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰিছে ভাৰতীয় স্প্ৰীন্টাৰ গৰাকীয়ে ৷ দুমাহৰ ভিতৰত হিমাৰ এইয়া ষষ্ঠটো স্বৰ্ণ জয় ৷

হিমাৰ দখলত আন এক স্বৰ্ণ

হিমাই এই স্বৰ্ণ জয়ৰ কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে ৷ উল্লেখ্য যে, হিমাৰ এই স্বৰ্ণ জয়ৰ দৌৰ চলিত বৰ্ষৰ 2 জুলাই তাৰিখে আৰম্ভ হৈছিল ৷

Last Updated : Aug 18, 2019, 7:42 PM IST

ABOUT THE AUTHOR

...view details