স্পৰ্টছ ডেস্ক,৩০ ডিচেম্বৰ : অহা ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ ৰাঁচীত অনুষ্ঠিত হ'ব এফআইএইচ হকী অলিম্পিক কোৱালিফায়াৰ । তাৰ পূৰ্বে শনিবাৰে হকী ইণ্ডিয়াই ১৮ জনীয়া ভাৰতীয় মহিলা হকী দলৰ নাম ঘোষণা কৰিছে ।
দলটোৱে প্ৰতিযোগিতাৰ শীৰ্ষ তিনিটা দলৰ ভিতৰত থকাৰ লক্ষ্যৰে ৰাঁচীত খেলপথাৰত অৱতীৰ্ণ হ'ব আৰু পেৰিছ ২০২৪ অলিম্পিকৰ বাবে অৰ্হতা নিশ্চিত কৰিব । ভাৰতক নিউজীলেণ্ড, ইটালী আৰু আমেৰিকাৰ সৈতে পুল বি-ত ৰখা হৈছে । ইফালে, জাৰ্মানী, জাপান, চিলি আৰু চেক গণৰাজ্যই পুল এ-ত খেলিব ।
ভাৰতে ১৩ জানুৱাৰীত আমেৰিকাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব । তাৰ পিচত ১৪ জানুৱাৰীত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতে আন এখন মেচ খেলিব । ১৬ জানুৱাৰীত ভাৰতীয় দলটোৱে পুল বিৰ অন্তিম মেচত ইটালীৰ বিৰুদ্ধে খেলিব । এফআইএইচ হকী অলিম্পিক কোৱালিফায়াৰ ৰাঁচী ২০২৪-ৰ বাবে ভাৰতীয় মহিলা হকী দলত গ'লকীপাৰ হিচাপে থাকিব সবিতা আৰু বিচু দেৱী খাৰিবাম । ইফালে, নিকি প্ৰধান, উদিতা, ঈশিকা চৌধুৰী আৰু মনিকাক দলত ডিফেণ্ডাৰ হিচাপে ৰখা হৈছে ।