অসম

assam

ETV Bharat / sports

বিশ্ব চেম্পিয়ন হেমিল্টনে আৰু তিনি বছৰলৈ খিতাপ জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিব বিচাৰে

ৰেচিঙত ছয়বাৰলৈ বিশ্ব চেম্পিয়ন হোৱা লুইচ হেমিল্টনে আৰু তিনি বছৰলৈকে শীৰ্ষত থকাৰ কথাৰে মনৰ ভাৱ ব্যক্ত কৰিলে । বৃহস্পতিবাৰে ৰেচিঙৰ বিশ্ব চেম্পিয়ন হেমিল্টনে ব্যক্ত কৰিলে যে মহামাৰী ক'ৰণাৰ বাবে হোৱা লক ডাউনে সকলোৰে মাজত ঝণাত্মক প্ৰভাৱ পেলোৱাৰ সমাম্তৰালকৈ কিছুমান বিষয়ত মনোযোগ দিয়াৰ লগতে বিভিন্ন কাম কৰি যাবৰ বাবেও দিলে আন এক শক্তি ।

By

Published : Jul 31, 2020, 9:29 PM IST

Hamilton wants to stay in F1 for at least three more years
বিশ্ব চেম্পিয়ন হেমিল্টনে আৰু তিনি বছৰলৈ খিতাপ জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিব বিচাৰে

নিউজ ডেস্ক,৩১জুলাই:৩৫ বছৰীয়া বিশ্ব চেম্পিয়ন গৰাকীৰ বাবে তেওঁৰ জীৱনৰ চৈধ্যত্বম পৰ্যায়টো কেতিয়া আহিব ? 'মই সেইটো পৰ্যায়লৈকে ৰেচ প্ৰদৰ্শন কৰিব বিচাৰো যি মই ইতিমধ্যে সম্ভৱ কৰি আহিছো । কিন্তু এই স্থিতিক শাৰিৰীক আৰু মানসিক চাপে নাশ কৰিব পাৰে ।' এইদৰে ক'লে বিশ্ব চেম্পিয়ন লুইচ হেমিল্টনে ।

বিশ্ব চেম্পিয়ন হেমিল্টনে আৰু তিনি বছৰলৈ খিতাপ জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিব বিচাৰে

এই স্থানতে ৰৈ দিবলৈ মোৰ বাবে এনে কোনো দৈৱিক অধিকাৰ নাই । মোৰ লক্ষ্য হৈছে যেতিয়ালৈকে সম্ভৱ তেতিয়ালৈকে তিস্তি থাকিম । খুব বেছি দুই অথবা তিনি বছৰলৈকে চাম । হেমিল্টনৰ মাৰ্চিডিজৰে থকা চুক্তি অহা পাঁচ মাহৰ ভিতৰত সমাপ্ত হ'ব ।

বিশ্ব চেম্পিয়ন হেমিল্টনে আৰু তিনি বছৰলৈ খিতাপ জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিব বিচাৰে

মই মোৰ স্থান ইয়াতে ৰাখিব বিচাৰো । মই ভাবো প্ৰতি বছৰে ইয়াক এই কাৰণেই দিয়া নহয় যিহেতু মই এগৰাকী বিশ্ব চেম্পিয়ন । হেমিল্টনে দেওবাৰে চিলভাৰষ্টনৰ ব্ৰিটিচ গ্ৰেণ্ড প্ৰিক্সত ঘৰুৱা চাৰ্কিটখন জয়ী হ'বৰ বাবে ৰেচত ভাগ লৈছিল । কিন্তু মহামাৰী ক'ৰণাৰ বাবে তেওঁক চিয়েৰ্চ দিবলৈ প্ৰথমবাৰৰ বাবে কোনো এজন প্ৰশংসক তাত উপস্থিত থাকিব নোৱাৰিলে। চেম্পিয়নশ্বিপৰ এই চতুৰ্থ ৰেচিঙখন যোৱা মাৰ্চ মাহতেই অনুষ্ঠিত হ'ব লাগিছিল ।

বিশ্ব চেম্পিয়ন হেমিল্টনে আৰু তিনি বছৰলৈ খিতাপ জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিব বিচাৰে

বৃহস্পতিবাৰে মেক্সিকান ৰেচাৰ চাৰ্জিঅ' পেৰেজৰ শৰীৰত ক'ভিড পজিটিভ ধৰা পৰাত তেওঁক ৰেচিঙৰ পৰা উলিয়াই দিব লগা হয় । ইফালে হেমিল্টনে সপ্তম বিশ্ব চেম্পিয়নশ্বিপৰ ধাৰা অটুত ৰাখিবলৈ মাইকেল চোমাছেৰ বিৰুদ্ধে থকা তেওঁৰ ব্যক্তিগত দণ্ডৰ পাছতো ৰেচত ভাগ ল'লে ।

বিশ্ব চেম্পিয়ন হেমিল্টনে আৰু তিনি বছৰলৈ খিতাপ জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিব বিচাৰে

এইটো মাহৰ আৰম্ভনিতে হাঙ্গাৰিয়ান গ্ৰেণ্ড পিক্সত নিজৰ আধিপত্য স্থাপনৰ পিছতেই গ্ৰেণ্ড পিক্স ড্ৰাইভাৰ্ছ এচ'চিয়েচনৰ সঞ্চালক ৰোমাইন গ্ৰচজেনক ৰেচৰ পূৰ্বে হোৱা এক বিতৰ্কৰ বাবে ভূল স্বীকাৰ কৰি সৈমান কৰাৰ ক্ষেত্ৰত বিফল হোৱাৰ অভিযোগ উঠিছিল । হেমিল্টনৰ মতে,তেওঁ ৰোমাইন গ্ৰচজেনক পিছত ক্ষমা পৰ্যন্ত খুজিছিল আৰু দুয়োৰে মাজত আন্তৰিকতাৰে বাৰ্তালাপো হৈছিল ।

ABOUT THE AUTHOR

...view details