অসম

assam

সৰুসজাইত 'খেলো ইণ্ডিয়া 2020'ৰ বৰ্ণিল অনুষ্ঠান

By

Published : Dec 1, 2019, 2:40 AM IST

অহা বৰ্ষৰ জানুৱাৰীৰ 10 তাৰিখৰ পৰা বাৰদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ'ব দেশৰ সৰ্ববৃহৎ যুৱ ক্ৰীড়া সমাৰোহ, 'খেলো ইণ্ডিয়া' ৷ সৰুসজাইত সমাৰোহৰ শুভংকৰ, প্ৰতীক, জাৰ্চি আৰু থিম চং মুকলি কৰিলে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সমাৰোহত বিশেষ পাৰদৰ্শিতা দেখুৱা অসমৰ খেলুৱৈক পুৰস্কিত কৰিব অসম চৰকাৰে, সৰুসজাইত এই ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

সৰুসজাইত 'খেলো ইণ্ডিয়া 2020'ৰ বৰ্ণিল অনুষ্ঠান
সৰুসজাইত 'খেলো ইণ্ডিয়া 2020'ৰ বৰ্ণিল অনুষ্ঠান

গুৱাহাটী, 30 নৱেম্বৰ: শনিবাৰে সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডৰ ষ্টেডিয়ামত তৃতীয় সংখ্যক খেলো ইণ্ডিয়া 2020ৰ প্ৰথমটো বৰ্ণিল অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানতে মুকলি কৰা হয় দেশৰ সৰ্ববৃহৎ যুৱ ক্ৰীড়া সমাৰোহখনিৰ শুভংকৰ, প্ৰতীক, জাৰ্চি আৰু থিম চং। জয় আৰু বিজয় নামেৰে খেলো ইণ্ডিয়া 2020ৰ শুভংকৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুয়ে। এই ক্ৰীড়া সমাৰোহে অসমৰ লগতে দেশৰ যুৱ খেলুৱৈসকলক আগবাঢ়ি যোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই সৰ্ববৃহৎ যুৱ ক্ৰীড়া সমাৰোহ অসমত আয়োজন কৰাৰ সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৰ শলাগ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে এই সমাৰোহৰ দ্বাৰা অসমৰ ক্ৰীড়াক্ষেত্ৰত এক বিপুল পৰিৱৰ্তন সাধন কৰিব পাৰিব বুলি আশা ব্যক্তি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

সৰুসজাইত সমাৰোহৰ শুভংকৰ, প্ৰতীক, জাৰ্চি আৰু থিম চং মুকলি কৰিলে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ইফালে, এই ক্ৰীড়া সমাৰোহত সোণৰ পদক লাভ কৰা অসম খেলুৱৈক ১ লাখ টকা, ৰূপৰ পদক লাভ কৰা খেলুৱৈক ৭৫ হাজাৰ টকা আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈক ৫০ হাজাৰ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।উল্লেখযোগ্য যে মুঠ ১০৫ কোটি টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহত দেশৰ বিভিন্ন প্ৰান্তৰ ৯,৫০০ খেলুৱৈ অংশগ্ৰহণ কৰিব । আনহাতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পীযুষ হাজৰিকা, সাংসদ কুইন ওজা, ৰাণী নৰহ, বিধায়ক গুৰুজ্যোতি দাস, হিমা দাসকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী উপস্থিত থকা এই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী নেকিব আৰু গীতালী কাকতিয়ে ৷

আৰু পঢ়ক: কলিংগ ষ্টেডিয়াম পৰিদৰ্শন ফিফাৰ প্ৰতিনিধি দলৰ

ABOUT THE AUTHOR

...view details