অসম

assam

ETV Bharat / sports

ডাঙৰ খবৰ : এথলীট গমাথী মাৰিমুথুক 4 বছৰৰ বাবে নিষিদ্ধ ঘোষণা - উভতাই লোৱা হ'ব 2019 এছিয়ান চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক

ভাৰতীয় এথলীট গমাথী মাৰিমুথুক চাৰি বছৰৰ নিষেধাজ্ঞা । শুকুৰবাৰে Athletics Integrity Unit য়ে সদৰি কৰিলে এই কথা । 2023 চনলৈ নিষেধাজ্ঞা বাহাল থাকিব খেলুৱৈগৰাকীৰ ওপৰত ।

Gomathi Marimuthu Stripped of Asian Championships Gold, Banned for 4 Years
Gomathi Marimuthu Stripped of Asian Championships Gold, Banned for 4 Years

By

Published : Jun 13, 2020, 3:24 PM IST

স্পৰ্টছ ডেস্ক, 13 জুনঃ ভাৰতীয় ক্ৰীড়া প্ৰেমীৰ লগতে দৌৰবিদ গমাথী মাৰিমুথুৰ অনুৰাগীৰ বাবে দুঃখবৰ । চাৰি বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন ভাৰতীয় এথলীটগৰাকী । এই কথা স্পষ্ট কৰিছে Athletics Integrity Unit য়ে ।

এথলীট গমাথী মাৰিমুথুক 4 বছৰৰ বাবে নিষিদ্ধ ঘোষণা

2023 চনলৈ 31 বছৰীয়া খেলুৱৈগৰাকীৰ ওপৰত এই নিষেধাজ্ঞা বাহাল থকাৰ লগতে বিগত বছৰৰ দুই মাহৰ সময়-সীমাৰ অন্তৰ্গত সকলো প্ৰতিযোগিতাত তেওঁৰ অংশগ্ৰহণ অযোগ্য ঘোষণা । ইয়াৰ লগে-লগে 2019 বৰ্ষৰ এছিয়ান চেম্পিয়নশ্বিপৰস্বৰ্ণ পদকোউভতাই লোৱা হ'ব খেলুৱৈগৰাকীৰ পৰা ।

চলিত বৰ্ষৰ 2019 এছিয়ান চেম্পিয়নশ্বিপত এনাবলিক ষ্টেৰয়েড নানড্ৰ'ল'ন(Anabolic Steroid Nandrolone) সেৱন কৰা বুলি দোষী সাব্যস্ত পোৱা গৈছে খেলুৱৈগৰাকীক । তেওঁৰ পৰা লোৱা "বি" নমুনাও পজিটিভ পোৱা গৈছে । ইয়াৰ পাচতেই খেলুৱৈগৰাকীৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

উল্লেখ্য় যে, তেওঁৰ অন্যান্য তিনিটা পৰীক্ষাও পজিটিভ পোৱা গৈছে । যাৰ বাবে চলিত বৰ্ষৰ 18 মাৰ্চ পৰা 17 মে'লৈ যিমান কেইখন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল সকলো প্ৰতিযোগিতাতে তেওঁৰ অংশগ্ৰহণ অযোগ্য ঘোষণা কৰা হৈছে ।

অৱশ্যে খেলুৱৈগৰাকীয়ে নিজৰ নিৰ্দোষিতা প্ৰমাণৰ বাবে Court of Arbitration for Sport (CAS)ত আবেদন কৰিব পাৰিব । অন্যাথা এই শাস্তি বাহাল থাকিব ।

লগতে চাওকঃ ডেহৰাডুনত IMA ৰ পাছিং আউট পেৰেড সম্পন্ন

ABOUT THE AUTHOR

...view details