স্পৰ্টছ ডেস্ক, 17 জুলাইঃ বিশ্ব দৰৱাৰত সুনাম কঢ়িয়াই অনা ভাৰতৰ আগশাৰীৰ এথলীট হিমা দাসৰ আহ্বান ৷ অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তথা বানাক্ৰান্তৰ সহায় কৰিবলৈ "মুখ্যমন্ত্ৰী সাহাৰ্য কোষাগাৰ"ত অংশীদাৰ হ'বলৈ আহ্বান হিমাৰ ৷
হিমাৰ গোহাৰি, অসমক সহায় কৰক ! - ETV ASSAM
অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এইবাৰ সহায়ৰ আহ্বান ধিং এক্সপ্ৰেছ নামে খ্যাত ভাৰতীয় এথলীট হিমা দাসৰ ৷
হিমাৰ গোহাৰি, অসমক সহায় কৰক !
টুইট কৰি হিমাই কয়, মোৰ ৰাজ্য অসমত এতিয়া ভয়াৱহ বান পৰিস্থিতি, ৰাজ্যখনৰ 33 খন জিলাৰ 30 খনেই এতিয়া বানৰ কৱলত ৷ গতিকে মোৰ সকলোকে কাতৰ অনুৰোধ আমাৰ ৰাজ্যখনৰ এনে ভয়াৱহ পৰিস্থিতিত আমাক সহায় কৰক ৷
উল্লেখ্য যে, এথলীটগৰাকীয়ে স্বয়ং মুখ্যমন্ত্ৰী সাহাৰ্য কোষাগাৰত নিজৰ বেতনৰ অৰ্ধ শতাংশ আগবঢ়াইছে ৷ বৰ্তমান লৈকে বানত 17 জন লোকৰ মৃ্ত্যু হোৱাৰ বিপৰীতে ইয়াৰ দ্বাৰা প্ৰভাৱতি হৈছে প্ৰায় 46 লাখ লোক ৷
Last Updated : Jul 17, 2019, 6:45 AM IST