গোলাঘাট, 29 ছেপ্টেম্বৰঃ গোলাঘাটত অনুষ্ঠিত হৈছে অষ্টম উজনি অসম আন্তঃজিলা কাৰাটে প্ৰতিযোগিতা ৷ গোলাঘাট জিলা ইউনাইটেড কাৰাটে ড’ এচ’ছিয়েশ্বনৰ উদ্যোগত গোলাঘাট জিলা স্পৰ্টছ কাৰাটে ড’ এচ’ছিয়েশ্বনৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাৰ ৷ ছাত্ৰ-ছাত্ৰী সকলৰ শাৰীৰিক গঠন আৰু মানসিক উৎকৰ্ষ সাধন কৰাৰ লগতে এই খেলৰ জৰিয়তে বিশ্বত নিজকে প্ৰতিষ্ঠা কৰাৰ এক উত্তম মাধ্যম হৈছে কাৰাটে । এই উদ্দেশ্য আগত ৰাখিয়ে গোলাঘাটত কণ-কণ কিশোৰ কিশোৰীৰ মাজত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতা ।
গোলাঘাটত অষ্টম উজনি অসম আন্তঃজিলা কাৰাটে প্ৰতিযোগিতা - ইউনাইটেড কাৰাটে ড’ এচ’ছিয়েশ্বন
গোলাঘাট জিলা ইউনাইটেড কাৰাটে ড’ এচ’ছিয়েশ্বনৰ উদ্যোগত গোলাঘাট জিলা স্পৰ্টছ কাৰাটে ড’ এচ’ছিয়েশ্বনৰ সহযোগত অনুষ্ঠিত কৰা হৈছে অষ্টম উজনি অসম আন্তঃজিলা প্ৰতিযোগিতা ৷
এই অষ্টম উজনি অসম আন্তঃজিলা প্ৰতিযোগিতাখনৰ আনুষ্ঠানিকভাৱে মুকলি কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই । উজনি অসমৰ ছখন জিলাৰ মুঠ ৩৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত ।
গোলাঘাটৰ প্ৰবীন কুমাৰ গগৈ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত জয়ী হোৱা প্ৰতিযোগীসকলক ৰাজ্যিক কাৰাটে প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হ’ব । অহা ২ আৰু ৩ নৱেম্বৰত ডিফুত অনুষ্ঠিত হ’ব ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা । এই অনুষ্ঠানত বিধায়ক মৃণাল শইকীয়াৰ লগতে গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰিকা, কাৰাটে এচ’ছিয়েশ্বনৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়া, সাংবাদিক অমিত নাগৰি আদি বিশিষ্ট অতিথিয়ে অংশ লয় ।
- লগতে চাওকঃ সাঁতুৰৰ অলিম্পিক দৈৰত থমকিল ভাৰত