অসম

assam

ETV Bharat / sports

অলিম্পিক কোৱালিফায়াৰ্ছত স্থান সুনিশ্চিত পাঁচ ভাৰতীয় মহিলা বক্সাৰৰ - অলিম্পিক কোৱালিফায়াৰ্ছত স্থান সুনিশ্চিত পাঁচ ভাৰতীয় বক্সাৰৰ

অলিম্পিক কোৱালিফায়াৰ্ছলৈ যোগ্যতা অৰ্জন পাঁচ ভাৰতীয় বক্সাৰৰ ৷ চীনৰ য়ুহানত অহা বছৰৰ 3 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব মহিলাৰ কোৱালিফায়িং মেচ ৷

পাঁচ ভাৰতীয় মহিলা বক্সাৰৰ স্থান সুনিশ্চিত
ট'কিঅ অলিম্পিক

By

Published : Dec 29, 2019, 2:29 PM IST

স্পৰ্টছ ডেস্ক, 29 ডিচেম্বৰ : শনিবাৰে ভাৰতৰ পাঁচগৰাকী বক্সাৰে অলিম্পিক কোৱালিফায়াৰ্ছলৈ যোগ্যতা অৰ্জন কৰিছে ৷ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত অলিম্পিক কোৱালিফায়াৰ্ছ ট্ৰায়েলৰ ফাইনেলত এই পাঁচগৰাকী খেলুৱৈয়ে জয়ী হোৱাৰ পাচতে অলিম্পিক কোৱালিফায়াৰ্ছত স্থান সুনিশ্চিত কৰে ৷

51 কেজি শাখাত মেৰী কমে নিখত জাৰিনক 9-1 ব্যৱধান, 57 কেজিত সাক্ষী চৌধাৰীয়ে ছোনিয়া লাথাৰক 9-1 ব্যৱধান, 60 কেজি শাখাত ছিমৰণজিৎ কৌৰে সৰিতা দেবীক 8-2 ব্যৱধানত পৰাস্ত কৰে ৷

মেৰী কম

আনহাতে, 69 কেজি আৰু 75 কেজি শাখাত লভলিনা বৰগোহাঁই আৰু পূজা ৰাণীয়ে জয় সাব্যস্ত কৰাৰ লগতে অলিম্পিক কোৱালিফায়াৰ্ছৰ ভাৰতীয় দলত স্থান দখল কৰে ৷

সাক্ষী চৌধাৰী

উল্লেখ্য যে, চীনৰ য়ুহানত অহা বছৰৰ 3 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব অলিম্পিক কোৱালিফায়াৰ্ছৰ এছিয়া-ওছেনিয়াৰ মহিলা শাখাৰ মেচসমূহ ৷

আৰু পঢ়ক : আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ পিটাৰ ছিডলৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details