অসম

assam

ETV Bharat / sports

SGFI-ৰ সচিবৰ বিৰুদ্ধে এজাহাৰ দাখিল খেলুৱৈ সুশীল কুমাৰৰ - সুশীল কুমাৰ

স্কুল গেমছ অফ্ ইণ্ডিয়া(SGFI)ৰ সচিবৰ বিৰুদ্ধে গোচৰ ৰুজু এছজিএফআইৰ অধ্যক্ষ তথা অলিম্পিকত দুবাৰকৈ পদক বিজয়ী খেলুৱৈ সুশীল কুমাৰৰ ৷ দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ পোষকতা খেলুৱৈগৰাকীৰ ৷

fir-filed-against-sgfi-secretary-sushil-kumar-alleges-fraud-in-organisation
SGFIৰ সচিবৰ বিৰুদ্ধে এজাহাৰ দাখিল খেলুৱৈ সুশীল কুমাৰৰ

By

Published : Dec 27, 2020, 10:46 AM IST

নিউজ ডেস্ক,27ডিচেম্বৰ :চহীৰ জালিয়তি আৰু সংস্থাত কৰা অনিয়মৰ বিৰুদ্ধে স্কুল গেমছ অফ্ ইণ্ডিয়া(SGFI)ৰ সচিবৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ শনিবাৰে এছজিএফআইৰ অধ্যক্ষ তথা অলিম্পিকত দুবাৰকৈ পদক বিজয়ী খেলুৱৈ সুশীল কুমাৰে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷ সুশীল কুমাৰে লগতে কয় যে,যোৱা 12নৱেম্বৰত এছজিএফআইত সংঘটিত কেতবোৰ অনিয়ম সন্দৰ্ভত ভাৰত চৰকাৰৰ তৰফৰ পৰা এখন পত্ৰ লাভ কৰা হৈছিল ৷ এই বিষয়ক লৈ সংস্থাৰ সচিবলৈ লিখিত ৰূপত পত্ৰ প্ৰেৰণ কৰি সমগ্ৰ বিষয় সন্দৰ্ভত ভাৰত চৰকাৰলৈ কিয় পত্ৰ প্ৰেৰণ কৰা নহ'ল বুলি উত্তৰ বিচৰা হৈছিল ৷ কিন্তু সংস্থাৰ সচিবগৰাকীয়ে এইসন্দৰ্ভত কোনো ধৰণৰ উত্তৰ নিদিলে ৷

ইপিনে,সংস্থাত সংঘটিত দুৰ্নীতি সন্দৰ্ভত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ কথা অৱগত কৰে সুশীল কুমাৰে ৷ ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে সকলো অনিয়ম আঁতৰ কৰি ডিচেম্বৰৰ ভিতৰতে সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল ৷ ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ 420,468,471 আৰু 120বি-ৰ অধীনত এছজিএফআই সচিব গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য কৰে এছজিএফআইৰ অধ্যক্ষ সুশীল কুমাৰে ৷

আনহাতে,পৰৱৰ্তী সময়ত এছজিএফআইৰ সকলো কাম নিকা আৰু সততাৰে কৰি বিদ্য়ালয়ৰ শিশুসকলৰ বাবে এখন সুন্দৰ মঞ্চ তৈয়াৰ কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে শীঘ্ৰে দোষীয়ে শাস্তি পাব বুলি মন্তব্য কৰে এছজিএফআইৰ অধ্যক্ষগৰাকীয়ে ৷

লগতে পঢ়ক : বায়ুসেনা বিষয়াক আক্ৰমণ কৰা দুৰ্বৃত্তক কৰায়ত্ত

ABOUT THE AUTHOR

...view details