অসম

assam

ETV Bharat / sports

অক্টোবৰত লোৱা নহয় টকিঅ' অলিম্পিকৰ চূড়ান্ত সিদ্ধান্ত : ত'শ্বিৰো মুট' - টকিঅ' অলিম্পিক

2021 ত টকিঅ' অলিম্পিকৰ আয়োজন কৰা হ'ব নে নহ'ব সেই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধ্যক্ষ জন ক'টছে এখন বাতৰি কাকতক অক্টোবৰ মাহত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব প্ৰকাশিত বাতৰিক খণ্ডন টকিঅ' অলিম্পিকৰ CEO ত'শ্বিৰো মুট'ৰ ।

Final decision on Tokyo Oly won't be made in Oct, says Toshiro Muto
Final decision on Tokyo Oly won't be made in Oct, says Toshiro Muto

By

Published : May 30, 2020, 11:28 AM IST

স্পৰ্টছ ডেস্ক, 30 মে':টকিঅ' অলিম্পিকলৈ এক গুৰুত্বপূৰ্ণ মন্তব্য টকিঅ' অলিম্পিকৰ CEO ত'শ্বিৰো মুট'ৰ । অক্টোবৰত টকিঅ' অলিম্পিকক লৈ চূড়ান্ত সিদ্ধান্ত কৰা নহয় বুলি বৃহস্পতিবাৰে স্পষ্টকৈ উল্লেখ কৰে ত'শ্বিৰো মুট'ই ।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধ্যক্ষ জন ক'টছয়ে শেহতীয়াকৈ এখন অষ্ট্ৰেলিয়ান বাতৰি কাকতক অলিম্পিকৰ আয়োজন কৰা-নকৰাকলৈ অক্টোবৰ মাহটো গুৰুত্বপূৰ্ণ হ'ব কোৱা বুলি এক খবৰ বিয়পি পৰিছিল । ইয়াৰ পাচতেই অনলাইন সংবাদমেল যোগে এই কথা খণ্ডন কৰিছে টকিঅ' অলিম্পিকৰ CEO ত'শ্বিৰো মুট'ই ।

মুট'ই লগতে কয়, এই সন্দৰ্ভত জন ক'টছক আমি প্ৰত্যক্ষ ভাৱে প্ৰশ্ন কৰাত তেওঁ কেতিয়াও খেল আয়োজনকলৈ হ'ব অথবা নহ'ব শব্দৰ প্ৰয়োগ কৰা নাই বুলি উল্লেখ কৰিছে । লগতে তেওঁ কেতিয়াও অক্টোবৰত খেল আয়োজনৰ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰা নাই বুলি জানিবলৈ দিয়ে মুট'ই ।

উল্লেখ্য যে, ইতিহাসত পোন প্ৰথমবাৰৰ বাবে স্থগিত কৰিবলগীয়া হৈছে অলিম্পিক প্ৰতিযোগিতা । বিগত ছয় বছৰ ধৰি আয়োজন চলাই থকা হৈছিল অলিম্পিকৰ আয়োজনকলৈ । কিন্তু পুনৰ এটা বছৰৰ ভিতৰত এতিয়া সকলো কৰিব লাগিব বুলি উল্লেখ কৰিছে মুট'ই । এইয়া এক বৃহৎ প্ৰত্যাহ্বানমূলক কাম হ'ব বুলিও কয় CEO গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details