স্পৰ্টছ ডেস্ক, ২০ নৱেম্বৰ :কাটাৰত বাজিল ৰণশিঙা (2022 FIFA World Cup in Qatar) । অৱশ্যে এয়া ফুটবল বিশ্বযুদ্ধৰহে ৰণশিঙা । য'ত দেওবাৰৰ পৰা তয়াময়া ৰণত অৱতীৰ্ণ হ'ব বিশ্বৰ ৩২ খনকৈ দেশ ।
আৰব দেশত অনুষ্ঠিত হোৱা প্ৰথমখন ফিফা বিশ্বকাপ হৈছে ২০২২ কাটাৰ বিশ্বকাপ (First FIFA world cup in Arab country) । এইবাৰৰ বিশ্বকাপ ফুটবলত ৩২ টা দলে বিশ্ব মুকুট অৰ্জনৰ বাবে দুই ভৰিৰ যুঁজত প্ৰতিদ্বন্দ্বিতা কৰিব । লিয়নেল মেছি (Lionel Messi) আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ (Cristiano Ronaldo) বাবে হৈছে এয়া অন্তিম সুযোগ ।
আনহাতে, বিশ্ব ক্ৰীড়াৰ আটাইতকৈ ডাঙৰ মঞ্চখনলৈ উভতি আহিছে কাইলিয়ান এমবাপে (Kylian Mbappe) । ইফালে ব্ৰাজিলে নিজৰ অভিলেখ সম্প্ৰসাৰিত কৰাৰ বাবে ষষ্ঠ খিতাপৰ বাবে যুঁজিব । আজি প্ৰথম মেচখনত ঘৰুৱা দল কাটাৰৰ প্ৰতিদ্বন্দ্বী হৈছে ইকুৱেডৰ । বিশ্বৰ বৃহত্তম ক্ৰীড়া প্ৰতিযোগিতাখনৰ বিষয়ে কিছু জানিবলগীয়া কথা আগবঢ়োৱা হৈছে ।
ফিফা বিশ্বকাপ ২০২২-ৰ গ্ৰুপসমূহ হৈছে :
GROUP A : কাটাৰ (আয়োজক), ইকুৱেডৰ, ছেনেগাল, নেদাৰলেণ্ড
Group B : ইংলেণ্ড, ইৰাণ, আমেৰিকা, ৱেলছ
Group C : আৰ্জেণ্টিনা, চৌডি আৰব, মেক্সিকো, পোলেণ্ড
Group D : ফ্ৰান্স, অষ্ট্ৰেলিয়া, ডেনমাৰ্ক, টিউনিছিয়া
Group E : স্পেইন, কোষ্টা ৰিকা, জাৰ্মানী, জাপান
Group F : বেলজিয়াম, কানাডা, মৰক্কো, ক্ৰোৱেছিয়া
Group G : বাৰ্জিল, ছাৰ্বিয়া, ছুইজাৰলেণ্ড, কেমেৰুণ
Group H : পৰ্তুগাল, ঘানা, উৰুগুৱে, দক্ষিণ কোৰিয়া
সময়সূচী :
২০ নৱেম্বৰ : কাটাৰ বনাম ইকুৱেডৰ, নিশা ৯.৩০ বজা, আল বায়াট ষ্টেডিয়াম
২১ নৱেম্বৰ : ইংলেণ্ড বনাম ইৰাণ, সন্ধিয়া ৬.৩০ বজা, খলিফা আন্তৰাষ্ট্ৰীয় ষ্টেডিয়াম
২১ নৱেম্বৰ : ছেনেগাল বনাম নেদাৰলেণ্ড, নিশা ৯.৩০ বজা, আল টুমামা ষ্টেডিয়াম
২২ নৱেম্বৰ : আমেৰিকা বনাম ৱেলছ, নিশা ১২.৩০, আল ৰায়ান ষ্টেডিয়াম
২২ নৱেম্বৰ : আৰ্জেণ্টিনা বনা চৌডি আৰব, বিয়লি ৩.৩০ বজা, লুজেইল ষ্টেডিয়াম
২২ নৱেম্বৰ : ডেনমাৰ্ক বনাম টিউনিছিয়া, সন্ধিয়া ৬.৩০ বজা, ইডুকেচন চিটী ষ্টেডিয়াম
২২ নৱেম্বৰ : মেক্সিকো বনাম পোলেণ্ড, নিশা ৯.৩০ বজা, ষ্টেডিয়াম ৯৭৪
২৩ নৱেম্বৰ : ফ্ৰান্স বনাম অষ্ট্ৰেলিয়া, নিশা 12:30 বজা, আল জানুব ষ্টেডিয়াম
২৩ নৱেম্বৰ : মৰক্কো বনাম ক্ৰোৱেছিয়া, বিয়লি 3.30 বজা, আল বায়াট ষ্টেডিয়াম
২৩ নৱেম্বৰ : জাৰ্মানী বনাম জাপান, সন্ধিয়া 6.30 বজা, খলিফা আন্তৰাষ্ট্ৰীয় ষ্টেডিয়াম
২৩ নৱেম্বৰ : স্পেইন বনাম কোষ্টা ৰিকা, নিশা 9.30 বজা, আল টুমামা ষ্টেডিয়াম
২৪ নৱেম্বৰ : বেলজিয়াম বনাম কানাডা, নিশা 12.30 বজা, আল ৰিয়ান ষ্টেডিয়াম
২৪ নৱেম্বৰ : ছুইজাৰলেণ্ড বনাম কেমেৰুণ, বিয়লি 3.30 বজা, আল জানুব ষ্টেডিয়াম
২৪ নৱেম্বৰ : উৰুগুৱে বনাম দক্ষিণ কোৰিয়া, সন্ধিয়া 6.30 বজা, ইডুকেচন চিটী ষ্টেডিয়াম
২৪ নৱেম্বৰ : পৰ্তুগাল বনাম ঘানা, নিশা 9.30 বজা, ষ্টেডিয়াম 974
২৫ নৱেম্বৰ : ব্ৰাজিল বনাম ছাৰ্বিয়া, নিশা 12.30 বজা, লুচাইল ষ্টেডিয়াম
২৫ নৱেম্বৰ : ৱেলছ বনাম ইৰাণ, বিয়লি 3.30 বজা, আল ৰিয়ান ষ্টেডিয়াম
২৫ নৱেম্বৰ : কাটাৰ বনাম ছেনেগাল, সন্ধিয়া 6.30 বজা, আল টুমামা ষ্টেডিয়াম
২৫ নৱেম্বৰ : নেডাৰলেণ্ড বনাম ইকুৱেডৰ, নিশা 9.30 বজা, খলিফা আন্তৰাষ্ট্ৰীয় ষ্টেডিয়াম