স্পৰ্টছ ডেস্ক, ২৬ নৱেম্বৰ :কাটাৰত চলিত বিশ্বকাপ বিভিন্ন উত্থান-পতনৰ মাজেৰে আগবাঢ়িছে (FIFA World cup 2022) । আয়োজক দেশ কাটাৰৰ গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হোৱাটো এক প্ৰকাৰ নিশ্ছিত হৈছে (Qatar world cup football) । আনহাতে, ইংলেণ্ড আৰু আমেৰিকাৰ মাজত বিশ্বকাপৰ ধাৰা এইবাৰো অব্যাহত আছে । উল্লেখ্য, বিশ্ব মঞ্চত ইংলেণ্ডে আমেৰিকাক এবাৰো পৰাস্ত কৰিব পৰা নাই (England ended draw with America) । এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল ।
বিশ্বৰ দুই শক্তিশালী দেশৰ মাজৰ দুই ভৰিৰ যুঁজখন গ'লশূন্যভাৱে সমাপ্ত হয় । ফলত বিশ্বকাপত আমেৰিকাক পৰাস্ত কৰাৰ ইংলেণ্ডৰ সপোন সপোন হৈয়ে ৰ'ল, অন্তত এই মুহূৰ্তৰ বাবে । ইৰাণৰ বিৰুদ্ধে ছয়টা গʼলৰ জয়েৰে নিজৰ গ্ৰুপ পৰ্যায়ৰ মেচৰ দুৰ্দান্ত আৰম্ভণি কৰিছিল ইংলেণ্ডে । ইতিমধ্যে ফুটবল বিশ্লেষকসকলে এইবাৰৰ বিশ্বকাপৰ সম্ভাৱ্য অন্তিম চাৰিটা দলৰ মাজত স্থান দিছে ‘থ্ৰী লায়ন্সʼক । কিন্তু দ্বিতীয়খন মেচত উজুটি খালে হেৰী কেন বাহিনীয়ে (Harry Kane) ।
শুকুৰবাৰে নিশা আল বেইট ষ্টেডিয়ামত (Al Bayt Stadium) অনুষ্ঠিত নিজৰ গ্ৰুপ পৰ্যায়ৰ মেচখনত ইংলেণ্ডে আমেৰিকাৰ সৈতে গʼলবিহীন ড্ৰ খেলে । অৱশ্যে দুয়োটা দলে গʼল কৰাৰ যথেষ্ট সুযোগ লাভ কৰিছিল । কিন্তু হেৰী কেন, খ্ৰীষ্টিয়ান পুলিচিচে লক্ষ্যভ্ৰষ্ট হয় । অৱশ্যে দুয়োটা দলৰ ভিতৰত খেলখনত আমেৰিকাই আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হয় । কিন্তু জয়ৰ সোৱাদ নাপালেও পৰাজয়বৰণ নকৰাকৈ খেল সামৰে প্ৰশিক্ষক গেৰেথ ছাউথগেটৰ ইংলেণ্ডে (Gareth Southgate) ।