স্পৰ্টছ ডেস্ক, 18 এপ্ৰিলঃ পোছাকক কেন্দ্ৰ কৰি মহিলা বক্সাৰক গ্ৰেপ্তাৰৰ ভাবুকি ৷ ইছলাম আইনৰ পোছাকৰ নীতি উংলঘন কৰাৰ বাবে এই ভাবুকি প্ৰদান কৰা হয় খেলুৱৈ গৰাকীক ৷ উল্লেখ্য যে, শেহতীয়া কৈ এখন আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয় লাভ কৰা প্ৰথমগৰাকী মহিলা বক্সাৰ হৈছিল ছাদাফ ৷
বক্সিঙৰ পোছাক পিন্ধাই ভুল! গ্ৰেপ্তাৰৰ ভাবুকি মহিলা বক্সাৰক
ইৰাণৰ মহিলা বক্সাৰ ছাদাফ খাদিমক গ্ৰেপ্তাৰৰ ভাবুকি ৷ ফ্ৰান্সত অনুষ্ঠিত হোৱা এখন মেচত কম পোছাক পৰিধান কৰাৰ বাবেই ইছলামিক আইনৰ অধীনত এই ভাবুকি প্ৰদান কৰা হৈছে খেলুৱৈগৰাকীক ৷
পোছাকক লৈ ইৰাণৰ মহিলা বক্সাৰক গ্ৰেপ্তাৰৰ ভাবুকি
খেলুৱৈগৰাকীয়ে ফ্ৰান্সত অনুষ্ঠিত মেচৰ সময়ত টি-ছাৰ্ট পৰিধান কৰিছিল ৷ এই সন্দৰ্ভত খেলুৱৈগৰীয়ে কয়, তেওঁ ফ্ৰান্স আইনৰ দ্বাৰা পৰিচালিত মেচত অংশগ্ৰহণ কৰিছিল ৷ যিটো সমগ্ৰ বিশ্বৰ দৃষ্টিত সামান্য ৷ ‘‘ মই হিজাব পৰিধান কৰা নাই, মই দেশৰ আইন উলংঘন কৰিছো, কিন্তু মোক এজন পুৰুষৰ দ্বাৰা প্ৰশিক্ষণ দি থকা হৈছে ৷’’ গতিকে এই ক্ষেত্ৰত কিছু লোকৰ মানসিকতা ঠেক বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷