স্পৰ্টছ ডেস্ক, 15 মাৰ্চ: এছিয়ান গেমছৰ প্ৰথম স্বৰ্ণপদক বিজয়ী তথা ভাৰতীয় বক্সিঙৰ পিতৃ হিচাপে খ্যাত হাৱা সিং শ্যায়ৰনৰ আত্মজীৱনীৰ ওপৰত নিৰ্মাণ কৰা হ’ব চলচ্চিত্ৰ ৷ সুৰজ পাঞ্চলীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনৰ প্ৰচাৰ কৰিব ছলমান খানে ৷
ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ভিৱানী জিলাৰ বহু প্ৰতিভাৱান খেলুৱৈয়ে ৷ ফগাট ভগ্নীৰ জীৱনৰ ওপৰত নিৰ্মিত দংগাল ছবিৰ পাচতেই এইবাৰ নিৰ্মাণ হ’ব গৈ আছে এই অঞ্চলৰে এছিয়ান গেমছৰ প্ৰথম স্বৰ্ণপদক জয়ী তথা ভাৰতীয় বক্সিঙৰ পিতৃ হাৱা সিং শ্যায়ৰনৰ আত্মজীৱনীৰ ওপৰত চলচ্চিত্ৰ ৷
হাৱা সিং শ্যায়ৰন’ ৰ আত্মজীৱনীৰ ওপৰত নিৰ্মাণ হ’ব নতুনকৈ ছবি 1937 চনত ভিৱানী জিলাত জন্মগ্ৰহণ কৰিছিল হাৱা সিং শ্যায়ৰনে ৷ সেনাত বাহিনীৰ এজন সৈনিক আছিল হাৱা সিং শ্যায়ৰন ৷ শিক্ষাকতা শেষ কৰাৰ পাচতেই ‘স্কোৱাৰ্ড চাৰ্কেল’ত প্ৰৱেশ কৰিছিল হাৱা সিং শ্যায়ৰনে ৷
হাৱা সিঙৰ সফলতাঃ
- এছিয়ান গেমছত প্ৰথমটো স্বৰ্ণ পদক
- এছিয়ান গেমছত 2 টা স্বৰ্ণ পদক
- ধাৰাবাহিক 11 বাৰৰ বাবে ৰাষ্ট্ৰীয় চেম্পিয়ন
- ৰাষ্ট্ৰীয় চেম্পিয়ন 1961-1972
- দ্ৰোণাৰ্চায্য আৰু অৰ্জুন বঁটা বিজয়ী
- দেশত বক্সিঙক চিনাকী দিয়া প্ৰথমগৰাকী
- ভাৰতীয় বক্সিঙৰ পিতৃ আখ্যা
পিতৃৰ আত্মজীৱনী সন্দৰ্ভত ভীম পুৰস্কাৰ বিজয়ী বক্সিং প্ৰশিক্ষক সঞ্জয় শ্যায়ৰনে সংবাদ মাধ্যমক জনায় যে, পিতৃক লৈ তেওঁ লোক গৰ্বিত ৷ গ্ৰামাঞ্চলৰ এক দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণৰ পাচতো এজন কিংবদন্তি খেলুৱৈ হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে সিং শ্যায়ৰনে ৷ পিতৃৰ নামত আৰম্ভ কৰা বক্সিং একাডেমিতে এতিয়া বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয় বহু খেলুৱৈক ৷
উল্লেখ্য যে, অলিম্পিকত যোগ্যতা অৰ্জন কৰা পূজা ৰাণীয়ো সঞ্জয় শ্যায়ৰনৰ একাডেমীৰ পৰাই প্ৰশিক্ষণ গ্ৰহণ কৰা ৷ ইপিনে সঞ্জয় শ্যায়ৰনৰ জীয়ৰী নুপুৰ শ্যায়ৰন (16) এগৰাকী প্ৰতিভাৱান যুৱ আন্তঃৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ ৷
লগতে চাওক- কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ছাৰ্কৰ সহযোগিতাকলৈ আশাবাদী প্ৰধানমন্ত্ৰী মোদী