স্পৰ্টছ ডেস্ক, 29 মে': লক্ ডাউনৰ মাজতেই টিকিঅ' অলিম্পিকলৈ প্ৰস্তুতি সন্দৰ্ভত ভাৰতীয় বক্সাৰ বিকাশ কিশান যাদৱৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ । লক্ ডাউনত পৰিয়ালৰ সৈতে এক মধূৰ সময় অতিবাহিত কৰি আছে খেলুৱৈগৰাকীয়ে । বিজেন্দ্ৰ সিঙৰ পাচতেই তিনিবাৰকৈ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় বক্সাৰ হৈছে বিকাশ কিশান যাদৱ ।
বক্সাৰ বিকাশ কিশানৰ সৈতে বিশেষ সাক্ষাৎকাৰ এই সাক্ষাৎকাৰতে লক্ ডাউনৰ বাবে বৰ্তমান সময়ত সম্পূৰ্ণকৈ অনুশীলন কৰিবলৈ সমৰ্থ হোৱা নাই বুলি জানিবলৈ দিয়ে খেলুৱৈগৰাকীয়ে । কিয়নো ঘৰত অনুশীলন কৰিব পৰাকৈ পৰ্যাপ্ত সঁজুলিৰ অভাৱ । যাৰ বাবে বৰ্তমানে অনুশীলনত কিছু অসুবিধাৰ সন্মুখীন হৈছে বক্সাৰগৰাকী ।
আনহাতে খেলুৱৈগৰাকীয়ে টকিঅ' অলিম্পিক স্থগিত হোৱাক লৈ নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি কয়, মই নাজানো অন্য খেলুৱৈৰ কথা, কিন্তু মই অলিম্পিক স্থগিত হোৱাক লৈ সুখী অনুভৱ কৰিছো । কাৰণ ইয়াৰ ফলত নিজকে প্ৰস্তুত কৰি তুলিবলৈ অধিক সময় লাভ কৰিবলৈ সক্ষম হৈছো । বৰ্তমান সময়ত কমৱনৱেল্থ আৰু এছিয়ান গেমছ স্বৰ্ণ বিজয়ী খেলুৱৈগৰাকীৰ একমাত্ৰ লক্ষ্য হৈছে অলিম্পিকত স্বৰ্ণ পদক জয় কৰা ।
ইপিনে COVID-১৯ ৰ ফলত গ্ৰীষ্মকালীন গেমছ বাতিল সন্দৰ্ভত প্ৰশ্ন কৰাত খেলুৱৈগৰাকীয়ে কয়, এনে হ'লে তেওঁ ধ্বংস হৈ যাব । তেওঁৰ বক্সাৰ কেৰিয়াৰৰ বাবে সেইয়া শুভ সংকেত নহ'ব বুলি উল্লেখ কৰে বিকাশে । লগতে বক্সাৰগৰাকীৰ মতে 2021 অলিম্পিক গেমছত ভাৰতে অতি কমেও দুটা পদক অৰ্জন কৰিবলৈ সক্ষম হ'ব ।