অসম

assam

ETV Bharat / sports

ETV Sports Exclusive : টকিঅ' অলিম্পিকক লৈ বজৰং পুনীয়াৰ মতামত - টকিঅ' অলিম্পিক

ভাৰতীয় তাৰকা মল্লযুঁজাৰু খেলুৱৈ বজৰং পুনীয়াৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ । টকিঅ' অলিম্পিকত অভিনৱ বিন্দ্ৰাৰ সোণালী ক্ষণৰ পুনৰাবৃত্তি কৰাৰ ইচ্ছা প্ৰকাশ পুনীয়াৰ ।

Exclusive: Bajrang Punia wants to replicate Bindra's Beijing's golden act in Tokyo
Exclusive: Bajrang Punia wants to replicate Bindra's Beijing's golden act in Tokyo

By

Published : Jun 15, 2020, 3:38 PM IST

স্পৰ্টছ ডেস্ক, 15 জুনঃআগন্তুক টকিঅ' অলিম্পিক সন্দৰ্ভতভাৰতৰ প্ৰসিদ্ধ মল্লযুঁজাৰু খেলুৱৈ বজৰং পুনীয়াৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ । এই সাক্ষাৎকাৰতেই পুনীয়াই মনৰ ইচ্ছা প্ৰকাশ কৰে । আগন্তুক টকিঅ' অলিম্পিকত অভিনৱ বিন্দ্ৰাৰ সোণ পদক অৰ্জৰ মূহুৰ্তৰ পুনৰাবৃত্তি কৰাৰ ইচ্ছা প্ৰকাশৰ কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

টকিঅ' অলিম্পিকত অভিনৱ বিন্দ্ৰাৰ সোণৰ অভিজ্ঞতাৰ পুণৰাবৃত্তি কৰাৰ ইচ্ছা প্ৰকাশ পুনীয়াৰ

টকিঅ' অলিম্পিকত ভাৰতৰ বাবে দ্বিতীয়টো ব্য়ক্তিগত সোণৰ পদক আশা কৰা হৈছে বজৰং পুনীয়াৰ পৰা । উল্লেখ্য় যে, 130 কোটি জনসাধাৰণ থকা ভাৰতবৰ্ষই বৰ্তমানলৈকে অলিম্পিকত মাত্ৰ এটা হে ব্যক্তিগত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । 2008 চনত বেইজিং অলিম্পিকত এই কৃতিত্ব লাভ কৰিছিল অভিনৱ বিন্দ্ৰাই ।

পুনীয়াই কয়, মই মোৰ দেশবাসীৰ ওচৰত কৃতজ্ঞ আৰু সন্তুষ্টি লাভ কৰো যে,দেশবাসীয়ে মোৰ পৰা অলিম্পিকত গৌৰৱৰ বাবে অপেক্ষাৰত । তেওঁলোকৰ আশাৰ অৰ্থ হৈছে মোৰ ওপৰত তেওঁলোকৰ বিশ্বাস । অভিনৱ বিন্দ্ৰাই 2008 গ্ৰীষ্মকালীন গেমছত যি কৰি দেখুৱালে তাৰ পুনৰাবৃত্তি কৰাৰ যথোপযুক্ত চেষ্টা কৰিম । পুনীয়া বৰ্তমান 65 কিলোগ্ৰাম শাখাত বিশ্বৰ দ্বিতীয় ৰেংকিঙত থকা খেলুৱৈ ।

আনহাতে লক্ ডাউনক লৈ পুনীয়াই কয়, ভাৰত চৰকাৰ আৰু চিকিৎকৰ দ্বাৰা প্ৰদান কৰা সকলো নিৰ্দেশাৱলী তেওঁ পালন কৰি আহিছে । ইপিনে যেতিয়াৰ পৰাই লক্ ডাউন বলৱৎ কৰা হৈছিল তেওঁ ঘৰৰ বাহিৰলৈ ওলাই যোৱা নাই বুলি জানিবলৈ দিয়ে । ঘৰতে থাকি প্ৰশিক্ষণ গ্ৰহণ কৰা বুলি উল্লেখ কৰে । কাৰণ ইতিমধ্যে মল্লযুঁজৰ সকলো প্ৰতিযোগিতা বাতিল কৰা হৈছে বুলি কয় পুনীয়াই ।

খেল ৰত্ন বিজয়ীৰ টকিঅ' অলিম্পিক প্ৰস্তুতি অব্যাহত

এছিয়ান আৰু কমনৱেলথ গেমছত স্বৰ্ণ পদক জয়ী খেলুৱৈগৰাকীয়ে তেওঁৰ অনুশীলন সুন্দৰকৈ চলি আছে আৰু তেওঁ নিজৰ দুৰ্বলতাৰ ওপৰত কাম কৰি আছে বুলি জানিবলৈ দিয়ে । কেৱল অনুশীলনৰ সময়ত সতীৰ্থ খেলুৱৈ সকললৈ মনত পৰা বুলি কয় পুনীয়াই ।

খেলৰত্ন বিজয়ী খেলুৱৈগৰাকীয়ে কেৰিয়াৰৰ স্মৰণীয় মূহুৰ্ত হিচাপে জীৱনৰ প্ৰথমটো পদক অৰ্জন কৰা 2013 চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ সময়টো বুলি উল্লেখ কৰে । সেই সময়ত তেওঁৰ বয়স 18 ৰ পৰা 19 আছিল বুলি কয় খেলুৱৈগৰাকীয়ে । আনহাতে কেৰিয়াৰৰ আটাইতকৈ বেয়া দিনটোৰ সন্দৰ্ভত 2015 চনৰ মল্লযুঁজ চেম্পিয়নশ্বিপৰ কথা উল্লেখ কৰে পুনীয়াই । য'ত অন্তিম 12 ছেকেণ্ডৰ ভিতৰত বিৰোধী পক্ষৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল খেলুৱৈগৰাকীয়ে ।

65 কিলোগ্ৰাম শাখাৰ বিশ্বৰ দ্বিতীয় স্থানৰ ৰেংকিঙত পুনীয়া

আনহাতে পুনীয়াৰ এই সমূহ সফলতাৰ আঁৰত পিতৃৰ সংঘৰ্ষৰ বিষয়ে পুনীয়াই কয়, মোৰ পৰিয়ালে মোৰ বাবে যথেষ্ট কৰিছে । তেওঁলোকেই হৈছে মোৰ প্ৰথম শিক্ষক । মই এজন সাধাৰণ পৰিয়ালৰ পৰা অহা । পিতৃৰ কোনো চাকৰি নাছিল, তেওঁ এজন কৃষক আছিল । কিন্তু যেতিয়াই তেওঁৰ কিবা প্ৰয়োজন হৈছিল তেতিয়াই পিতৃয়ে সেই প্ৰয়োজন পূৰণ কৰিছিল বুলি কয় পুনীয়াই ।

টকিঅ' অলিম্পিকক লৈ বজৰং পুনীয়াৰ মতামত

টকিঅ' অলিম্পিকৰ বিলম্বক খেলুৱৈগৰাকীয়ে যোগাত্মক ভাৱে গ্ৰহণ কৰি সময়সূচী অনুসৰি প্ৰতিযোগিতাৰ বাবে সাজু আছে বুলি উল্লেখ কৰে । লগতে প্ৰথমে কৰ'ণা ভাইৰাছক পৰাজিত কৰি তাৰ পাচতে অলিম্পিক, খেলৰ কথা চিন্তা কৰিব লাগে বুলি মতপোষণ কৰে পদ্মশ্ৰী সন্মান প্ৰাপ্ত প্ৰসিদ্ধ ভাৰতীয় খেলুৱৈগৰাকীয়ে ।

লগতে পঢ়ক :সুশান্ত সিং ৰাজপুটৰ মৃত্যু সন্দৰ্ভত ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details