স্পৰ্টছডেস্ক,27মাৰ্চ: বুধবাৰে ভাৰতীয় যুৱ শ্বুটাৰমনু ভাকৰ আৰু সৌৰভ চৌধুৰীয়ে টাইৱানৰ টাইপেইত 12 সংখ্যক এছিয়ান এয়াৰগান চেম্পিয়নশ্বিপত 10 মিটাৰ এয়াৰ পিষ্টলৰ দলীয় শাখাত বিশ্ব অভিলেখ সৃষ্টি কৰি সোণৰ পদক লাভ কৰে৷ কোৱালিফিকেশ্বন ৰাউণ্ডতে 17 বছৰীয়া মানু আৰু 16 বছৰীয়া সৌৰভে দলীয় ভাৱে 784 স্ক'ৰৰে 5 দিন পূৰ্বে ৰাছিয়ান খেলুৱৈ ভিটালিনা বাটচৰাচিকিনা আৰু আৰ্টেম চেনেশ্ব'ৰ দ্বাৰা বনোৱা অভিলেখ ভংগ কৰি নতুন অভিলেখ ৰচনা কৰে৷
এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত উজ্জলিল ভাৰতীয় খেলুৱৈ - 10 मीटर एयर पिस्टल मिक्स्ड टीम
দলীয় শাখাত মনু ভাকৰ-সৌৰভ চৌধুৰীৰ সোণৰ পদক
মনু ভাকৰ-সৌৰভ চৌধুৰী
উল্লেখ্য যে ভাৰতীয় যুৱ খেলুৱৈ দুগৰাকীয়ে পাঁচটা দলৰ ফাইনেলত 484.8 স্ক'ৰেৰে প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক লাভ কৰে৷ বিপৰীতে 481.1 স্ক'ৰেৰে কোৰিয়ান খেলুৱৈ হুৱাংগ চিয়োনগুন আৰু কিম মোজে দ্বিতীয় স্থান আৰু 413.3 স্ক'ৰেৰে আয়োজক দেশে তৃতীয় স্থান দখল কৰে৷ ইপিনে এই ইভেণ্টত অংশ লোৱা দ্বিতীয়টো ভাৰতীয় যুটিঅনুৰাধা আৰু অভিষেকে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও 372.1 স্ক'ৰেৰে চতুৰ্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়৷
Last Updated : Mar 27, 2019, 9:03 PM IST