স্পৰ্টছ ডেস্ক, ৩০ আগষ্ট :চলিত ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবলৰ প্ৰথমখন ছেমি ফাইনেলত পেনাল্টি শ্বুট আউটত ইষ্ট বেংগলে নৰ্থ-ইষ্ট ইউনাইটেড এফচিক ৫-৩ ব্যৱধানত পৰাস্ত কৰে । ইয়াৰ লগে লগে ১৩২ সংখ্যক ডুৰাণ্ড কাপৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম দল হিচাপে পৰিগণিত হৈছে কলকাতাৰ ইষ্ট বেংগল দলটো । ৯০ মিনিটৰ নিৰ্ধাৰিত সময়ৰ পিছত খেলখন ২-২ ব্যৱধানত টাই হয় । ইয়াৰ পিছত ইষ্ট বেংগলে পেনাল্টি শ্বুট আউটৰ সুযোগৰ উচিত ব্যৱহাৰ কৰি কৰি নৰ্থ-ইষ্ট ইউনাইটেডক প্ৰতিযোগিতাৰ পৰা প্ৰস্থানৰ পথ দেখুৱায় । লগে লগে প্ৰথম ছেমি ফাইনেলত জয়লাভেৰে ইষ্ট বেংগল ফাইনেললৈ উন্নীত হয় ।
কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত নৰ্থ-ইষ্ট ইউনাইটেডে প্ৰথম অৰ্ধৰ শেষৰ ফালে আৰু দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে দুটা আক্ৰমণ কৰি ঘৰুৱা দলটোক হতবাক কৰি দিয়ে । কিন্তু তাৰ পিছত ইমামি ইষ্ট বেংগলে খেলত প্ৰত্যাৱৰ্তন কৰে আৰু খেলৰ অন্তিম মুহূৰ্তত গ'ল কৰি সমতা স্থাপন কৰে । ইয়াৰ পিছত অতিৰিক্ত সময়তো মেচখন অসীমাংসিত হোৱাত পেনাল্টি শ্বুট আউটৰ সহায় লোৱা হয় ।