অসম

assam

ETV Bharat / sports

স্বৰ্ণ জয়েৰে ৰাষ্ট্ৰীয় অভিলেখ দ্যুতি চান্দৰ

নাপোলিত অনুষ্ঠিত 'ৱৰ্ল্ড ইউনিভাৰছিটি গেমছ'ৰ 100 মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিছে স্প্ৰীন্টাৰ দ্যুতি চান্দে ৷ দুতিয়ে 11.32 ছেকেণ্ডত শীৰ্ষ স্থান দখলেৰে ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী হয় ৷

By

Published : Jul 10, 2019, 1:58 PM IST

স্বৰ্ণ জয়েৰে ৰাষ্ট্ৰীয় অভিলেখ দুতি চান্দৰ

স্পৰ্টছ ডেস্ক, 10 জুলাই : ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী হ'ল ভাৰতীয় স্প্ৰীন্টাৰ দ্যুতি চান্দ ৷ নাপোলিত অনুষ্ঠিত 'ৱৰ্ল্ড ইউনিভাৰছিটি গেমছ'ৰ 100 মিটাৰ দৌৰত মঙলবাৰে স্বৰ্ণ জয় কৰিলে দুতিয়ে ৷ এই জয়েৰে 'ৱৰ্ল্ড ইউনিভাৰছিটি গেমছ'ৰ 100 মিটাৰত স্বৰ্ণ জয় কৰা প্ৰথম গৰাকী ভাৰতীয় হিচাপে চিহ্নিত হ'ল দ্যুতি ৷ দ্যুতিয়ে 11.32 ছেকেণ্ডত শীৰ্ষ স্থান দখলেৰে এই অভিলেখৰ গৰাকী হয় ৷

উল্লেখ্য যে,দ্যুতি চান্দ হৈছে 100 মিটাৰ দৌৰত 11.24 ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী ৷

দুতি চান্দ

এই জয়ৰ পাছতে দ্যুতিয়ে টুইটাৰৰ জৰিয়তে মন্তব্য কৰে যে,বছৰ বছৰ জোৰা কঠোৰ পৰিশ্ৰমৰ লগতে সকলোৰে আশীৰ্বাদৰ বাবে এই টুৰ্ণামেন্টৰ 100 মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় তেওঁ ৷ আন এক টুইটৰ জৰিয়তে তেওঁ লিখে যে,তেওঁক যিমানে অপমানিত কৰিবলৈ চেষ্টা কৰিলেও তেওঁ অধিক শক্তিশালী হৈ প্ৰত্যাৱৰ্তন কৰিব ৷

দুতি চান্দ

উল্লেখ্য যে,শেহতীয়াকৈ দ্যুতিয়ে সমকামী সম্পৰ্কৰ কথা ঘোষণা কৰাৰ পাছতে সংবাদ মাধ্যমৰ শীৰ্ষ স্থান দখল কৰিছিল ৷

ABOUT THE AUTHOR

...view details