নিউজ ডেস্ক, 20 মে': ভাৰতীয় এথলীট দ্যুতি চান্দৰ শেহতীয়া বিস্ফোৰক স্বীকাৰোক্তিৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে খেলুৱৈ গৰাকীৰ পৰিয়ালৰ লোকে ৷ স্প্ৰীন্টাৰ গৰাকীৰ জ্যেষ্ঠ ভগ্নী সৰস্বতী চান্দে সোমবাৰে মন্তব্য কৰে যে, দ্যুতিয়ে সমকামিতা সম্পৰ্কত কৰা স্বীকাৰোক্তি তেওঁৰ নিজৰ নাছিল ৷ তেওঁৰ সৈতে সম্পৰ্কত থকা যুৱতী গৰাকীৰ পৰিয়ালে বিয়াত বহিবৰ বাবে তেওঁক জোৰ প্ৰয়োগ কৰাৰ লগতে সম্পত্তিৰ লোভৰ বাবেই তেওঁক ভীতি প্ৰদৰ্শন কৰি অহা বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে খেলুৱৈ গৰাকীৰ সম্পত্তিৰ প্ৰতি ভাবুকি আহিছে বুলি দাবী কৰি সৰস্বতী চান্দে কয় যে, চৰকাৰে তেওঁৰ সম্পত্তিক সুৰক্ষা দিয়া উচিত ৷
দ্যুতি চান্দৰ স্বীকাৰোক্তিক লৈ অসন্তুষ্ট পৰিয়াল
ভাৰতীয় এথলীট দ্যুতি চান্দৰ সমকামিতা সম্পৰ্কত কৰা মন্তব্যৰ পাছতে জ্যেষ্ঠ ভগ্নী সৰস্বতী চান্দে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ এই স্বীকাৰোক্তিৰ বাবে ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী খেলুৱৈ গৰাকীক যুৱতী গৰাকীৰ পৰিয়ালে ভীতিপ্ৰদৰ্শন কৰা বুলি সৰস্বতীয়ে দাবী কৰে ৷
উল্লেখ্য যে, 100 মিটাৰ ট্ৰেকত ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী আৰু সদ্য সমাপ্ত এছিয়ান গেমছত দুটাকৈ ৰূপৰ পদক দখল কৰা দ্যুতি চান্দে সংবাদ মাধ্যমৰ আগত স্বীকাৰোক্তি দিছিল যে, তেওঁ নিজ গাঁৱৰে এগৰাকী যুৱতীৰ সৈতে সম্পৰ্কত আছে ৷