স্পৰ্টছ ডেস্ক, 29 ফেব্ৰুৱাৰীঃ22 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চলৈ ওড়িশাত অনুষ্ঠিত হৈছে খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাতেই শনিবাৰে অনুষ্ঠিত হোৱা দৌৰৰ 100 মিটাৰ শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় তাৰকা খেলুৱৈ দুতী চান্দে ৷ 100 মিটাৰ শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াই 11.49 ছেকেণ্ডেৰে সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয় প্ৰতিভাৱান খেলুৱৈ দুতীয়ে ৷
খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন দুতী চান্দৰ - dutee chand won gold
খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ দৌৰৰ 100 মিটাৰ শাখাত সোণৰ পদক অৰ্জন ওড়িশাৰ খেলুৱৈ দুতী চান্দৰ ৷ অৱশ্যে সোণৰ পদক অৰ্জন কৰাৰ পাচতো অলিম্পিকলৈ যোগ্যতা লাভ কৰাত বিফল হ’ল খেলুৱৈগৰাকী ৷
খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন দুতী চান্দৰ
কিন্তু দুৰ্ভাগ্যজনক কথা এই যে, এই সফলতাৰ পাচতো টকিঅ’ অলিম্পিকৰ যোগ্যতা লাভ কৰাত ব্যৰ্থ হ’ল খেলুৱৈগৰাকী ৷ কাৰণ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ সময় নিৰ্ধাৰিত আছিল 11.15 ছেকেণ্ড ৷ য’ত অসফল হৈ ৰয় দুতী ৷ উল্লেখ্য যে,দুতীৰ নামত আছে দৌৰৰ 100 মিটাৰ শাখাৰ ৰাষ্ট্ৰীয় অভিলেখ ৷ যিটো 2019 চনত 11.22 ছেকেণ্ডেৰে নিজৰ নাম কৰিবলৈ সক্ষম হৈছিল দুতীয়ে ৷ এই প্ৰতিযোগিতাত দেশৰ 159 বিশ্ববিদ্যালয়ৰ 3400 গৰাকী খেলুৱৈয়ে 17 টাকৈ ইভেন্টত অংশগ্ৰহণ কৰিছে ৷