অসম

assam

ETV Bharat / sports

অহা অলিম্পিকৰ বাবে ভিনেশ ফোগটক সাজু কৰিব দ্ৰোণাচাৰ্য মহাবীৰ সিং ফোগটে - দ্ৰোণাচাৰ্য বঁটা লাভ কৰা মহাবীৰ সিং ফোগাট

বিদেশী প্ৰশিক্ষকৰ প্ৰশিক্ষণত তেওঁৰ আৰু বিশ্বাস নাই সেয়ে ব্যক্তিগতভাৱে ভিনেশক আগন্তুক অলিম্পিকত সোণৰ পদক জিকিবলৈ প্ৰশিক্ষণ দিব ভিনেশৰ খুৰাক তথা দ্ৰোণাচাৰ্য বঁটা লাভ কৰা মহাবীৰ সিং ফোগটে ।

Vinesh for next Olympic
অহা অলিম্পিকৰ বাবে ভিনেশ ফোগাটক সাজু কৰিব দ্ৰোণাচাৰ্য মহাবীৰ সিং ফোগাটে

By

Published : Aug 5, 2021, 9:56 PM IST

স্পৰ্টছ ডেস্ক, ৫ আগষ্ট :২০২০ ৰ টকিঅ' অলিম্পিকত (Tokyo Olympic) প্ৰথমখন খেলত জয়ী হোৱাৰ পাছতে কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছিল ভাৰতৰ মল্লযোদ্ধা ভিনেশ ফোগট (Vinesh Phogat) । কিন্তু দ্বিতীয়খন খেলত বেলাৰুছৰ ভানেছা কালাডজিনস্কায়াৰ (Vanesa Kaladzinskaya) হাতত পৰাজয়ৰ সন্মুখীন হ'ব লগা হয় খেলুৱৈগৰাকী । লগে লগে অলিম্পিকত ভাৰতৰ হৈ সোণৰ পদক জয় কৰাৰ সপোন ভংগ হয় ভিনেশ ফোগটৰ ।

অৱশ্যে ব্ৰঞ্জৰ পদক লাভ কৰাৰ সুযোগ এতিয়াও আছে ফোগটৰ । কিন্তু এই পৰাজয়কলৈ অত্যন্ত দুখিত বিশ্বৰ এক নম্বৰ মল্লযোদ্ধা ফোগটৰ পৰিয়াল । ইটিভি ভাৰতৰ সৈতে এক বিশেষ বাৰ্তালাপত ভিনেশৰ পৰিয়ালে কয় যে, তেওঁলোক সোণৰ পদকৰ আশাত আছিল সেয়ে এতিয়া তেওঁ ব্ৰঞ্জ জিকিলেও সেয়া বেছি গুৰুত্বপূৰ্ণ নহ'ব ।

আনহাতে ভিনেশৰ খুৰাক তথা দ্ৰোণাচাৰ্য বঁটা লাভ কৰা মহাবীৰ সিং ফোগটে (Dronacharya awardee Mahavir Phogat) কয় যে বিদেশী প্ৰশিক্ষকৰ প্ৰশিক্ষণত তেওঁৰ আৰু বিশ্বাস নাই । সেয়ে ব্যক্তিগতভাৱে ভিনেশক আগন্তুক অলিম্পিকত সোণৰ পদক জিকিবলৈ প্ৰশিক্ষণ দিব মহাবীৰ সিঙ ফোগটে ।

লগতে পঢ়ক :Tokyo Olympics : জাৰ্মানীক হৰুৱাই ব্ৰঞ্জ দখল ভাৰতীয় পুৰুষ হকী দলৰ

ABOUT THE AUTHOR

...view details