স্পৰ্টছ ডেস্ক, 5 ফেব্ৰুৱাৰী :ক্ৰীড়া জগতৰ বাবে দুখৰ খবৰ ৷ নিষিদ্ধ হ’ল আন্তৰ্জাতিক খ্যাতিসম্পন্ন জিমনাষ্ট দীপা কৰ্মকাৰ ৷ দেশক প্রথমবাৰৰ বাবে অলিম্পিকত প্রতিনিধিত্ব কৰা জিমনাষ্ট দীপা কৰ্মকাৰক আন্তর্জাতিক টেষ্টিং এজেন্সীয়ে নিষেধাজ্ঞা আৰোপ কৰিছে ৷ জিমনাষ্ট দীপা কৰ্মকাৰক নিষিদ্ধ দ্ৰব্য সেৱনৰ বাবে 21 মাহৰ নিষেধাজ্ঞা আৰোপ কৰিছে এজেন্সীটোৱে । আই টি এয়ে দীপাক হাইজেনামিন সেৱনৰ অপৰাধত দোষী সাব্যস্ত কৰে (Gymnast Deepa Karmakar banned by the ITA)। এই নিষেধাজ্ঞা ২০২৩ চনৰ ১০ জুলাইলৈকে দীপা কৰ্মকাৰৰ ওপৰত জাৰি কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে (International Testing Agency) ।
আন্তর্জাতিক টেষ্টিং এজেন্সীৰ এই সিদ্ধান্ত মানি লৈছে জিমনাষ্ট দীপা কৰ্মকাৰে । আন্তর্জাতিক টেষ্টিং এজেন্সীৰ সিদ্ধান্তৰ বিষয়ে অৱগত হোৱা পিচতে জিমনাষ্টগৰাকীয়ে এক টুইটযোগে কয় যে, নিজে গম নোপোৱাকৈহে জিমনাষ্টগৰাকীয়ে নিষিদ্ধ পদাৰ্থ সেৱন কৰিছে । গম পোৱা হ’লে এই ভুলটো তেওঁ নকৰিলেহেঁতেন বুলি উল্লেখ কৰে জিমনাষ্টগৰাকীয়ে । কৰ্মকাৰৰ ড’প টেষ্টৰ নমুনা আই টি এয়ে গ্ৰহণ কৰাৰ সময়ত তেওঁ কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাছিল ।
বিষয়টো শীঘ্ৰে নিষ্পত্তি কৰিবলৈ অস্থায়ী নিষিদ্ধকৰণৰ সিদ্ধান্ত মানি লৈছে বুলি ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰে জানিবলৈ দিয়ে । বিষয়টো সন্দৰ্ভত কৰ্মকাৰে অধিক জানিবলৈ দি কয় যে, তেওঁ অজানিতে নিষিদ্ধ পদাৰ্থ Higenamine (S3 Beta 2) সেৱন কৰিছিল ৷ যিটো বিশ্ব এণ্টি ডপিং এজেন্সীৰ নিষিদ্ধ তালিকাত আছে । দীপাই টুইটটোত পুনৰ উল্লেখ কৰে, "মই অজানিতে হাইগেনামাইন খাইছিলো আৰু ইয়াৰ উৎস কি আছিল মই নাজানো ।"