অসম

assam

ETV Bharat / sports

Wrestlers Selection Controversy : বজৰং-বিনেশক ট্ৰায়েলৰ পৰা ৰেহাই; ডব্লিউএফআইৰ পৰা উত্তৰ বিচাৰিলে দিল্লী হাইকোৰ্টে - Vinesh Phogat controversy in Asian games

মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াক ট্ৰায়েল নোলোৱাকৈ এছিয়ান গেমছত খেলিবলৈ অনুমতি দিয়াৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে ডব্লিউএফআইক এক শপতনামা দাখিল কৰিবলৈ কৈছে । বিষয়টোৰ শুকুৰবাৰে পুনৰ শুনানি হ'ব ।

Wrestlers Selection Controversy
Wrestlers Selection Controversy

By

Published : Jul 20, 2023, 3:16 PM IST

নিউজ ডেস্ক, ২০ জুলাই :দিল্লী উচ্চ ন্যায়ালয়ে মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াক ট্ৰায়েল নোলোৱাকৈ এছিয়ান গেমছত খেলিবলৈ অনুমতি দিয়াৰ সন্দৰ্ভত ভাৰতীয় কুস্তি ফেডাৰেচনক এক শপতনামা দাখিল কৰিবলৈ কৈছে । আদালতে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ বাবে শুকুৰবাৰে তালিকাভুক্ত কৰিছে । মল্লযোদ্ধা এণ্টিম পাংঘাল (১৯) আৰু সুজিত কালকালে (২১) এছিয়ান গেমছৰ ট্ৰায়েলৰ বাবে বিনেশ ফোগাট আৰু বজৰং পুনিয়াক দিয়া ৰেহাই সন্দৰ্ভত উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে । আবেদনখনৰ শুনানিৰ সময়ত আদালতে ভাৰতীয় কুস্তি ফেডাৰেচনক (ডব্লিউএফআই) বৃহস্পতিবাৰে এই সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ কৈছে । বিষয়টোৰ পৰৱৰ্তী শুনানি শুকুৰবাৰে হ'ব ।

ন্যায়াধীশ সুব্ৰমনিয়াম প্ৰসাদে বৃহস্পতিবাৰে ডব্লিউএফআইক মল্লযোদ্ধাসকলক প্ৰতিনিধিত্ব কৰা অধিবক্তাৰ আগতীয়া প্ৰতিলিপিৰ সৈতে ইয়াৰ উত্তৰ দাখিল কৰিবলৈ কৈছে । উল্লেখযোগ্য যে মল্লযোদ্ধা দুজনৰ যুটীয়া আবেদন মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ সন্মুখত দাখিল কৰা হৈছিল । তেওঁ বিষয়টো শুনানিৰ বাবে বৃহস্পতিবাৰৰ দিনটো তালিকাভুক্ত কৰিছিল ।

অধিবক্তা হৃষীকেশ বৰুৱা আৰু অক্ষয় কুমাৰে দাখিল কৰা আবেদনখনত ভাৰতীয় অলিম্পিক সংস্থাৰ (আইঅ'এ) তদৰ্থ সমিতিক এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিবলৈ কৈছে । দুটা শাখা (পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কিঃগ্ৰাঃ আৰু মহিলাৰ ৫৩ কিলোগ্ৰাম) বাতিল কৰিব লাগে আৰু বজৰং আৰু বিনেশক দিয়া ৰেহাই বাতিল কৰিব লাগে বুলি আবেদনত উল্লেখ কৰা হৈছে । আবেদনখনত লগতে দাবী কৰা হৈছে যে কোনো মল্লযোদ্ধাক কোনো ৰেহাই নিদিয়াকৈ নিৰপেক্ষভাৱে বিচাৰটো সম্পন্ন কৰিব লাগে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোৰ ভিডিঅ'গ্ৰাফী কৰিব লাগে ।

উল্লেখ্য যে পাংঘাল হৈছে সেইসকল মল্লযোদ্ধাৰ ভিতৰত এগৰাকী কনিষ্ঠ মল্লযোদ্ধা, যিয়ে এই বছৰৰ জানুৱাৰীত বিদায়ী ডব্লিউএফআই প্ৰধানৰ বিৰুদ্ধে যুঁজত বজৰং আৰু বিনেশৰ কাষত থিয় দিছিল । অৱশ্যে পাংঘালে এতিয়া অভিযোগ কৰিছে যে একেজন মল্লযোদ্ধাই তেওঁক এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জনৰ সুযোগ নিদি প্ৰতাৰণা কৰিছে । আনহাতে, বিগত এবছৰ ধৰি প্ৰশিক্ষণ নোলোৱাকৈয়ে বিনেশ ফোগাটে এছিয়ান গেমছৰ বাবে পোনপটীয়া প্ৰৱেশ লাভ কৰিছে ।

ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা এটা ভিডিঅ'ত পাংঘালে কয় যে বিগত এটা বছৰত তেওঁৰ কোনো সফলতা নাই । বজৰং পুনিয়া (৬৫ কিঃগ্ৰাঃ) আৰু বিনেশে (৫৩ কিঃগ্ৰাঃ) প্ৰতিদ্বন্দ্বিতা কৰা শাখাত তেওঁলোকৰ প্ৰতিদ্বন্দ্বীসকল যথেষ্ট হতাশ হৈছে । ভাৰতীয় অলিম্পিক সমিতিৰ তদৰ্থক পেনেলে দুয়োগৰাকী মল্লযোদ্ধাক শনিবাৰে আৰু দেওবাৰে নিৰ্ধাৰিত ট্ৰায়েলৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছিল ।

লগতে পঢ়ক :International Wrestler Yogeshwar Dutt : এছিয়ান গেমছলৈ বজৰং পুনিয়া আৰু বিনেশ ফোগাট; অসন্তুষ্ট যোগেশ্বৰ দত্ত

For All Latest Updates

ABOUT THE AUTHOR

...view details