স্পৰ্টছ ডেস্ক, 17 আগষ্ট : ৰিঅ' অলিম্পিকৰ ৰূপৰ পদকজয়ী দীপা মালিকক পাৰা এথলেটিকছ শাখাৰ ৰাজীৱ গান্ধী খেল ৰত্ন সন্মান প্ৰদান কৰা হ'ব ৷ এক নিৰ্বাচনী কমিটিয়ে শনিবাৰে দীপা মালিকৰ নাম এই সন্মানৰ বাবে চূড়ান্ত কৰে ৷
উল্লেখ্য যে, পাৰা অলিম্পিক গেমছত ভাৰতৰ হৈ পদক বুটলিবলৈ সক্ষম হোৱা মালিক হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ ৷ বৰ্তমানলৈকে সৰ্বমুঠ 58 টা ৰাষ্ট্ৰীয় আৰু 23 টা আন্তৰাষ্ট্ৰীয় পদক দখল কৰিছে মালিকে ৷