স্পৰ্টছ ডেস্ক, 8 আগষ্ট : কমনৱেলথ গেমছৰ পুৰুষ ডাবলছৰ বেডমিন্টনৰ ফাইনেলত সোমবাৰে সাতৱিক-চিৰাগৰ ভাৰতীয় যুটিটোৱে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় (Men’s doubles Gold medal in Commonwealth Games 2022) ৷ সাতৱিক সাইৰাজ আৰু চিৰাগ শেট্টীৰ যুটিয়ে ইংলেণ্ডৰ যুটিক 21-15, 21-13 ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ খিতাপ দখল কৰে ৷
সোমবাৰে কমনৱেলথ গেমছৰ অন্তিম দিনা বেডমিণ্টনত ভাৰতে তিনিটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ কমনৱেলথ গেমছত বেডমিণ্টনৰ পুৰুষৰ ডাবলছত এইটো ভাৰতৰ প্ৰথম স্বৰ্ণ ৷