স্পৰ্টছ ডেস্ক,৩১ ডিচেম্বৰ :তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো চৌদি আৰৱৰ এটা ফুটবল ক্লাবৰ সৈতে চুক্তিবদ্ধ হৈছে (Cristiano Ronaldo to play for Saudi Arabia club)। ফুটবল ক্লাব আল-নাছৰৰ সৈতে দুবছৰীয়া চুক্তি সম্পন্ন কৰিলে তাৰকা ষ্ট্ৰাইকাৰগৰাকীয়ে । প্ৰতিবেদন অনুসৰি, ক্লাবটোৱে শুকুৰবাৰে খেলুৱৈগৰাকীৰ সৈতে স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰে । চুক্তি অনুসৰি ৩৭ বছৰীয়া খেলুৱৈগৰাকীয়ে প্ৰতি বছৰে ৭৫ নিযুত ডলাৰ লাভ কৰিব । ইয়াৰ দ্বাৰা তেওঁ ইতিহাসৰ সৰ্বাধিক উপাৰ্জন কৰা ফুটবলখেলুৱৈ হিচাপেও পৰিগণিত হ'ব ।
ফুটবল ক্লাবটোৰ এক বিবৃতিত ৰোনাল্ডোৱে কয়, "মই এখন বেলেগ দেশত এটা নতুন ফুটবল লীগৰ অভিজ্ঞতা লাভ কৰিবলৈ উৎসাহিত । পুৰুষ আৰু মহিলা ফুটবলৰ ক্ষেত্ৰত চৌদি আৰৱত আল নাছৰ ক্লাবে যি ধৰণে কাম কৰি আছে ই অতি অনুপ্ৰেৰণাদায়ক । আমি বিশ্বকাপত চৌদি আৰৱৰ শেহতীয়া প্ৰদৰ্শন দেখিবলৈ পাইছো । এইখন এখন বৃহৎ ফুটবল উচ্চাকাংক্ষা আৰু যথেষ্ট সম্ভাৱনা থকা দেশ (Cristiano Ronaldo on new signs with Al Nassr)।"
"মই সৌভাগ্যৱান যে মই ইউৰোপীয় ফুটবলত জয়ী হোৱাৰ বাবে সকলোখিনি কৰিছো আৰু এতিয়া অনুভৱ কৰিছো যে এছিয়া মহাদেশত মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰাৰ এইটো সঠিক মুহূৰ্ত । মই মোৰ নতুন সতীৰ্থসকলৰ সৈতে দলটোত অংশগ্ৰহণ কৰিবলৈ ৰৈ আছো আৰু তেওঁলোকৰ সৈতে একেলগে ক্লাবটোৰ সফলতা অৰ্জনৰ বাবে সহায় কৰিবলৈ গভীৰ আগ্ৰহেৰে বাট চাই আছো ।"
উল্লেখ্য যে ৰোনাল্ডোৰ সৈতে মানচেষ্টাৰ ইউনাইটেড ফুটবল ক্লাবে শেহতীয়াকৈ চুক্তি বাতিলৰ সিদ্ধান্ত লৈছিল (Ronaldo Termination of contract with Manchester United)। যোৱা মাহত ৰোনাল্ডোৰ বিতৰ্কিত টিভি সাক্ষাৎকাৰৰ পাছতে চুক্তি বাতিল কৰিবলৈ সন্মত হৈছিল ক্লাবটো । কিয়নো তেওঁ ক্লাবৰ মেনেজাৰ এৰিক টেন হেগ আৰু মালিক, গ্লেজাৰ্ছ পৰিয়ালৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল । ৰোনাল্ডোৱে ক্লাবটোক সমালোচনা কৰিছিল আৰু কৈছিল যে ইয়াৰ মেনেজাৰ টেন হেগৰ প্ৰতি তেওঁৰ কোনো সন্মান নাই ।