স্পৰ্টছ ডেস্ক, ১৬ অক্টোবৰ :আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেটক আনুষ্ঠানিকভাৱে টি-২০ ফৰ্মেটত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে । বৰ্তমান মুম্বাইত চলি থকা আইঅ'চি অধিবেশনে এই সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ্য যে এই অধিবেশন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে ।
উল্লেখ্য যে ইতিমধ্যে ২০২২ চনত বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ আৰু চীনত অনুষ্ঠিত ২০২৩ চনৰ এছিয়ান গেমছত ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হৈছে । আইঅ'চিৰ মিডিয়া বিভাগে এক্সৰ এটা পোষ্টত লিখিছে, "২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছৰ আয়োজক সমিতিৰ পৰা অলিম্পিক কাৰ্যসূচীত পাঁচবিধ নতুন ক্ৰীড়া অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আইঅ'চি অধিবেশনে গ্ৰহণ কৰিছে ।"
"বেছবল/চফ্টবল, ক্ৰিকেট (টি-২০), ফ্লেগ ফুটবল, লেক্ৰছ (ছয়) আৰু স্কোৱাছ ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছৰ কাৰ্যসূচীত থাকিব ।" পোষ্টটোত লগতে কোৱা হৈছে । এই ঘোষণাই ভাৰতৰ দৰে দেশৰ বাবে নিশ্চিতভাৱে আনন্দৰ বতৰা কঢ়িয়াই আনিছে । কিয়নো ভাৰতে এই ফৰ্মেটত সোণৰ পদক জয়ৰ অন্যতম দাবীদাৰ ।
কাৰ্যকৰী পৰিষদে হাত দাঙি ভোট প্ৰদানৰ পিছত আইঅ'চিৰ সভাপতি থমাছ বাকে অন্যান্য ক্ৰীড়াৰ সৈতে ক্ৰিকেটৰ অন্তৰ্ভুক্তিৰ কথা ঘোষণা কৰে । আনহাতে, ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছৰ আয়োজক সমিতিয়ে পৰামৰ্শ দিয়া পাঁচবিধ ক্ৰীড়া অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰে আইঅ'চিৰ অন্তৰ্ভুক্ত ৯৯ সদস্য ৰাষ্ট্ৰৰ ভিতৰত মাত্ৰ দুই সদস্য ৰাষ্ট্ৰই ।