অসম

assam

ETV Bharat / sports

অলিম্পিকৰ পূৰ্বে ক'ভিড প্ৰতিষেধক অত্যাৱশ্যকীয় : সুশীল কুমাৰ - টকিঅ' অলিম্পিক

বেইজিং আৰু লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদকজয়ী মল্লযুঁজাৰু সুশীল কুমাৰে মন্তব্য কৰিছে যে, টকিঅ' অলিম্পিকৰ পূৰ্বে কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক অত্যাৱশ্যকীয় ৷

মল্লযুঁজাৰু
সুশীল কুমাৰ

By

Published : Dec 1, 2020, 7:45 PM IST

স্পৰ্টছ ডেস্ক, 1 ডিচেম্বৰ :দুবাৰৰ অলিম্পিক পদকজয়ী মল্লযুঁজাৰু সুশীল কুমাৰে কয় যে, অহা বছৰৰ টকিঅ' অলিম্পিকৰ পূৰ্বে কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক অত্যাৱশ্যকীয় ৷ ক'ভিড-19 ৰ ফলত খেলুৱৈসকলে প্ৰশিক্ষণ গ্ৰহণত সমস্যাৰ লগতে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগা হৈছে বুলিও মন্তব্য কৰে সুশীল কুমাৰে ৷

তেওঁ কয়, "আমি অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছো আৰু মই ভাবো যে, অলিম্পিকৰ দিন কাষ চাপি অহাৰ লগে লগে ক'ভিড-19 ৰ প্ৰতিষেধক অত্যাৱশ্যকীয় হৈ পৰিছে ৷ মোৰ বহুকেইজন সতীৰ্থ কৰ'ণাত আক্ৰান্ত হৈছে আৰু এয়া খেলুৱৈসকলৰ বাবে অতি কঠিন সময় ৷ যেতিয়া এথলীটসকলে প্ৰশিক্ষণ আৰম্ভ কৰে তেতিয়া তেওঁলোকৰ কৰ'ণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় সেয়েহে প্ৰতিষেধকৰ বহু প্ৰয়োজন আছে ৷"

মল্লযুঁজাৰুগৰাকীয়ে লগতে কয় যে, এথলীটসকলে প্ৰশিক্ষণ আৰম্ভ কৰিছে আৰু পূৰ্বৰ ফৰ্মলৈ ঘূৰি অহাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু এই সময়তে কৰ'ণাত আক্ৰান্ত হ'লে পুনৰবাৰ প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগিব ৷

সুশীলে কয়, "মই নাগৰিক আৰু এথলীটসকলক সকলো ক'ভিডৰ নিয়মাৱলী অনুসৰণ কৰিবলৈ আহ্বান জনাইছো আৰু যিহেতু অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছে সেয়েহে নিজৰ স্বাস্থ্যৰ যত্ন লওঁক ৷"

সুশীলে পুনৰ কয়, "সংশয়ৰ কাৰণ আছে ৷ আমাৰ শিবিৰে যিকোনো স্থানলৈ ভ্ৰমণ কৰিলেই সকলো সাৱধানতা অৱলম্বন কৰো যদিও নিজৰ যত্ন নিজেই লোৱা উচিত আৰু প্ৰতিষেধকৰ বাবে অপেক্ষা কৰা উচিত ৷"

লগতে পঢ়ক :ক'ভিড-19 ত আক্ৰান্ত ফৰ্মূলা-1 ড্ৰাইভাৰ লিৱিছ হেমিল্টন

ABOUT THE AUTHOR

...view details