স্পৰ্টছ ডেস্ক, ৩ এপ্ৰিলঃবিশ্বত এতিয়া কৰ'ণা ভাইৰাছৰ আতংক । সাৰি যোৱা নাই ভাৰতবৰ্ষও । কোভিড-১৯ ৰ প্ৰতিহত কৰাৰ উদ্দেশ্যে দেশত এতিয়া লক্ ডাউন । আনহাতে এই ভাইৰাছৰ ফলত বিশ্বৰ লগতে ভাৰতৰ ক্ৰীড়াজগততো পৰিছে ব্যাপক প্ৰভাৱ । শুকুৰবাৰে এক ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু সহ ভাৰতৰ ৪৯ গৰাকী খেলুৱৈৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি, বিচিচিআইৰ অধ্য়ক্ষ সৌৰভ গাংগুলী, মহেন্দ্ৰ সিং ধোনী, যুৱৰাজ সিং, জাহিৰ খান, কে.এল ৰাহুলৰ লগতে ৰোহিত শৰ্মাই অংশ লৈ এই অনুষ্ঠানত ।
কোভিড-১৯: ক্ৰীড়াজগতৰ বহু তাৰকাৰ সৈতে ভিডিঅ' কনফাৰেঞ্চিং মোডীৰ - পি.ভি. সিন্ধু
কোভিড-১৯ ৰ সংহাৰী ৰূপ অব্যাহত আছে দেশত ক্ৰীড়াজগতোত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে । শুকুৰবাৰে ভিডিঅ' কনফাৰেঞ্চিং যোগেদি মুঠ ৪৯ গৰাকী ক্ৰীড়াবিদৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
![কোভিড-১৯: ক্ৰীড়াজগতৰ বহু তাৰকাৰ সৈতে ভিডিঅ' কনফাৰেঞ্চিং মোডীৰ COVID-19: PM Modi to speak to eminent cricketers to fight COVID-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6643293-144-6643293-1585904217197.jpg)
ক্ৰিকেটাৰৰ ওপৰি এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে অলিম্পিকত ৰূপ পদক বিজয়ী পি.ভি সিন্ধু, নীৰজ চোপ্ৰা, হিমা দাস, মেৰী কমকে ধৰি বহু খেলুৱৈ । নিজৰ নিজৰ অনুৰাগী তথা দেশৰ জনসাধাৰণৰ মাজত ঘৰত সোমাই থাকিবলৈ বাৰ্তা প্ৰদান কৰিবলৈ আহ্বান কৰিয়ে এই ভিডিঅ' কনফেৰঞ্চিং যোগেদি খেলুৱৈসকলৰ সৈতে মিলত হয় ।
কোভিড-১৯ ৰ মহামাৰীৰ বাবেই আগন্তুক ১৪ এপ্ৰিল লৈ স্থগিত কৰা হৈছে আইপিএল ২০২০ । বিচিচিআইৰ পৰৱৰ্তী পৰিকল্পনা হৈছে অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত কৰিব পৰা যাব নেকি আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ । যদিহে আইচিচি টি-২০ স্থগিত কৰা হয় তেতিয়া হে সম্ভৱ হৈ উঠিব এই সমীকৰণ ।